ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত ছাত্ৰী & জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম'ৰ চৰকাৰলৈ আহ্বান, ছাত্ৰী গৰাকীলৈ শুভেচ্ছা

ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত ছাত্ৰী & জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম'ৰ চৰকাৰলৈ আহ্বান, ছাত্ৰী গৰাকীলৈ শুভেচ্ছা

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ২২ চেপ্তেম্বৰ : শিৱসাগৰ জিলাৰ বাঁহগড়াৰ ছাত্ৰীৰ প্ৰতিভা ইণ্ডিয়ান বুক অব ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে । প্ৰতিভাৰ অভাৱ নাই এইখন অসমত ৷ এই কথাষাৰকে পুনৰ প্ৰমাণ কৰি দেখুৱালে নাজিৰা বাঁহগড়াৰ এগৰাকী ছাত্ৰীয়ে ৷ শিৱসাগৰ মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকৰ ছাত্ৰী তথা নাজিৰা লিগিৰিপুখুৰীস্থিত কলাংগন ফাইন আৰ্ট এণ্ড ক্ৰাফট একাডেমীৰ অন্তিম  বৰ্ষৰ ছাত্ৰী চন্দ্ৰিকা নেওগে নিজ প্ৰতিভাৰ ফলত এটি ৰঙা লাওৰ গুটিৰ ওপৰত দেশৰ জাতীয়  পতাকা উত্তোলনৰ চিত্ৰ অংকন কৰি নিজৰ নাম Indian Book of Recordsত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ।সৰুৰে পৰা চিত্ৰ অংকনৰ প্ৰতি বিশেষ আগ্ৰহী চন্দ্ৰিকাই নিজ চিন্তাৰে বহু ব্যতিক্ৰমী ছবি আঁকিবলৈ সক্ষম হৈ আহিছে ৷ চন্দ্ৰিকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু বৰেণ্য ব্যক্তিৰ ছবি ৷ আজৰি সময়ত মানুহৰ প্ৰতিচ্ছবি আঁকি ভাল পাই চন্দ্ৰিকাই ৷ ইয়াৰ উপৰিও ব্যতিক্ৰমী চিন্তাৰে মমৰ ধোঁৱাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এখন বৃহত চিত্ৰ অঁকাৰ লগতে কফিৰ ৰঙেৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ চিত্ৰও অংকন কৰিছে যুৱতীগৰাকীয়ে । শেহতীয়াকৈ দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰী গৰাকীয়ে ৰঙা লাওৰ গুটিৰ ওপৰত দেশৰ জাতীয় পতাকা উত্তোলনৰ দৃশ্যৰ চিত্ৰ অংকনৰ বাবে Indian Book of Recordsএ দিয়া স্বীকৃতিৰ বাবে আনন্দিত চন্দ্ৰিকাৰ মাক, দেউতাক ৷ নাজিৰা বাঁহড়াৰ নিবাসী কমল নেওগ আৰু শিক্ষয়িত্ৰী ৰুমী গগৈ নেওগৰ কন্যা চন্দ্ৰিকাৰ এই সফলতাত জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক তথা নিউজ টাইম অসম'ৰ নাজিৰা সদৰৰ স্থানীয় সাংবাদিক ফাৰহান লস্কৰে শুভেচ্ছা জনাইছে । লগতে লস্কৰে নাজিৰা অথবা উত্তৰ পূৰ্বাঞ্চলত এনে বহু প্ৰতিভাসম্পন্ন যুৱক-যুৱতী থকা বুলি সংবাদ-মাধ্যমৰ আগত আজি মত পোষণ কৰি এনে ধৰণৰ প্ৰতিভা সম্পন্ন যুৱক-যুৱতীক অসম চৰকাৰে সময় উপযুগী ভাৱে আৰ্থিক সাহায্য দিয়াৰ দাবী জনাইছে ।
শিৱসাগৰৰ পৰা অপূৰ্ব ভূঞা 
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা