পশ্চিম গুৱাহাটীত বিজেপিৰ প্ৰাৰ্থীত্বৰ প্ৰৱল দাৱীদাৰদেৱান ধ্ৰুৱজ্যোতি মৰল

গুৱাহাটী : ৰাজ্যিক বিজেপিৰ অন্যতম নেতা বিজেপি অসম প্ৰদেশৰ সংবাদ কোষৰ মুখ্য আহ্বায়ক দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি এটা গতি দিবলৈ সক্ষম হৈছে ৷ দেৱান ধ্ৰুৱজ্যোতি মৰলো এইবাৰ পশ্চিম গুৱাহাটীত প্ৰাৰ্থীত্বপ্ৰত্যাশী ৷ পশ্চিম গুৱাহাটী সমষ্টিটোৰ প্ৰধান প্ৰবল দাবিদাৰ মৰল ৷ যদিওবা যোৱা ১৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপি মিত্ৰ দল অগপ এৰি দিছিল ২১ ৰ নিৰ্বাচনত গেৰুৱা দতটোৱে নিজৰ হাতলৈ লৈ যোৱাৰ বাবে পূৰ্ণ সম্ভাৱনা আছে ৷ কংগ্ৰেছৰ ভেটি উচন হোৱা সমষ্টিটোত ব্যাপক বিজেপি ভোটাৰ আৰু সংগঠনিক ভাবে শক্তিশালী হোৱা হেতুকে এই বাৰ দলটোৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ চিন্তা কৰিছে ইংগিত পোৱা গৈছে ৷ দলৰ এই তৎপৰতা পিছতে স্বাভাৱিকতে দেৱান ধ্ৰুৱজ্যোতি মৰল নাম প্ৰাৰ্থীত্বপ্ৰত্যাশীৰূপে উচ্চাৰিত হৈছে ৷ ৮৭ চনত সদৌ আসম ছাত্ৰ সন্হাৰ শাখা শান্তিপুৰ ভৰলু মুখ ছাত্ৰ সন্হাৰ সভাপতি দায়িত্ব লৈ ছাত্ৰ ৰাজনীতি আৰম্ভণি কৰি পৰবৰ্তী সময়ত পশ্চিম গুৱাহাটী ছাত্ৰ সন্হা ভাৰপ্ৰাপ্ত সভাপতি দায়িত্ব, সদৌ গুৱাহাটী ছাত্ৰ সন্হাৰ বিষয় ববীয়াৰ দায়িত্ব থকা সময়চোৱাত সদৌ অসম ছাত্ৰ সন্হাৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সভাপতি বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্ত , প্ৰাক্তন সভাপতি বৰ্তমানৰ মন্ত্ৰী অতুল বৰা , সদৌ গুৱাহাটী ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক বৰ্তমানৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যকালত পশ্চিম গুৱাহাটী ছাত্ৰ সন্হাৰ পৰা প্ৰতিনিধিত্ব কৰি একেখন সমিতিত কাৰ্য্যনিৰ্বাহক কৰা অভিজ্ঞতা সম্পন্ন সৎ নিষ্ঠাবান ছাত্ৰ নেতা ৷ ভৰলু মুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় একতা সভাৰ সম্পাদক , ১৯৯১ চনত প্ৰাগজ্যোতি মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক , গুৱাহাটী বিশ্ব বিদ্যালয় আইন মহাবিদ্যালয়ৰ নিৰ্বাচিত সমাজসেৱা বিভাগৰ সম্পাদক ,সহকাৰী সাধাৰণ সম্পাদক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিশ্ব বিদ্যালয় আছু গোটৰ লগত জৰিত হৈ ছাত্ৰ সমাজৰ বাবে দীঘলীয়া সময় দেৱান ধ্ৰুৱজ্যোতি মৰলে কাম কৰে ৷ ছাত্ৰ জীৱন শেষ কৰি আছুৰ একাশং প্ৰাক্তন ছাত্ৰক সংগঠিত কৰি অসম জাতীয় সুৰক্ষা পৰিষদ গঠন কৰি প্ৰতিষ্ঠাপক সম্পাদক দায়িত্বৰ গ্ৰহন কৰে জাতীয় জীৱনৰ হকে কাম কৰি থকা সময়চোৱাত ১৯৯৮ আঞ্চলিক দল অসম গণ পৰিষদৰ যোগদান কৰি অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ প্ৰতিষ্ঠাপক আহ্বায়ক দায়িত্ব গ্ৰহণ কৰে ৷ আৰু পৰবৰ্তী সময়ত সম্পাদক সভাপতি অগপ মহানগৰ সমিতিৰ প্ৰচাৰ সম্পাদকে ধৰি বিগত ১৮ বছৰে অগপ দল বিভাজনৰ সময়তো দলটো শক্তিশালী কৰিব বাবে সক্ৰিয়তা বিভিন্ন সংগঠনিক কাম নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰে ৷ পৰবৰ্তী সময়ত অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহ হৈ থকা সময় চোৱাত অসম বিজেপিৰ সেই সময়ৰ সভাপতি সৰ্বানন্দ সোণোৱালৰ উপৰত আষ্হা প্ৰকাশ কৰি ২০১৪ চনৰ মাৰ্চ মাহত বিজেপি দলৰ নীতি আদৰ্শ প্ৰতি শ্ৰদ্ধা জনাই দলত যোগদান কৰে বিগত ৭ বছৰত দলে অৰ্পন কৰা সৰুক্ষেত্ৰী সমষ্টিৰ তত্ত্বাৱধায়ক , ভৱানীপুৰ সমষ্টিত যোৱা নিৰ্বাচনত তত্বাবধয়কে ধৰি দলৰ বুথ মন্ডল জিলা ৰাজ্যিক সমিতিৰ বিভিন্ন দায়িত্ব বহন কৰি বৰ্তমান ৰাজ্যিক সংবাদ সম্পৰ্ক বিভাগৰ দায়িত্ব নিয়াৰিকৈ পালন কৰি আহিছে ৷ 
সদৌ অসম ছাত্ৰ সন্হা প্ৰাক্তন সভাপতি বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল লগত ছাত্ৰ সন্হা লগতে অগপ দলত একে লগে কাম কৰা অভিজ্ঞতা সম্পন্ন যুব নেতা গৰাকী বৰ্তমানৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰো প্ৰিয় প্ৰাত্ৰ ৷
মৰলে দলৰ লগতে আজি দীৰ্ঘ দিন ধৰি পশ্চিম গুৱাহাটী সমষ্টিত পশ্চিম গুৱাহাটী উদ্যোগী যুৱ বিকাশ মঞ্চ গঠন কৰি বিভিন্ন সামাজিক কাম কাজ কৰি থকা পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতিৰ দৰে গুৰু দায়িত্ব লৈ শিক্ষা অনুষ্ঠান লগতে ছাত্ৰছাত্ৰী সকলৰ উন্নয়ন বাবে কাম কৰি আহিছে ৷ তেখেতে পশ্চিম গুৱাহাটীৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ লগত জৰিত হৈ সমাজৰ বিভিন্ন কাম কাজকাজ অব্যাহত ৰাখিছে যোৱাবেলি নিৰ্বাচনত বিজেপিৰ দলৰ প্ৰবল দাবীদাৰ আছিল যদিওঁ দলৰ সিন্ধান্ত মানি দলৰ কামকাজ অব্যহত ৰখা এই গৰাকী যুৱ নেতাক এই বাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাইজে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিছাৰিছে যি হেতু জাতীয়তাবাদী ধাৰৰ লগত দীৰ্ঘ দিন কাম কৰি আহিছে তেখেতক বিজেপি দলে সমষ্টিটোত প্ৰক্ষেপ কৰিলে জাতীয়বাদী শিবিৰৰ ভোট পাবলৈ সক্ষম হব ৷ ৰাইজে সমষ্টি জন্ম লাভ কৰা এগৰাকী ব্যক্তিক দীৰ্ঘ দিনৰ পৰা বিধায়ক দাবী কৰি আহিছে ইয়াৰ পূৰ্বে ৮৫ চনৰ পৰা অগপ বিধায়ক জনক জাতীয়তাবাদী আৱেগিৰে পশ্চিম গুৱাহাটীৰ স্হানীয় নোহোৱাৰ পিছতো অগপৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাক জয়যুক্ত কৰাছিল ৷ দীৰ্ঘদিন বিধায়ক হোৱাৰ পিছতো তেখেতে সমষ্টি একো উন্নয়ন কৰিব নোৱাৰাত ৰাইজ ক্ষ্যভিত হৈ কংগ্ৰেছৰ স্হানিয় প্ৰাৰ্থী হেমন্ত তালুকদাৰক দুবাৰকৈ জয়যুক্ত কৰে ৷ যোৱা ২০১৬ ৰ নিৰ্বাচনত তালুকদাৰক কংগ্ৰেছে টিকত প্ৰদান নকৰাত তেখেত নিৰ্দলীয় হিচাপে অবতীৰ্ণ হয় যদিও বিজেপি মিত্ৰ দল অগপৰ প্ৰাৰ্থী গৰাকীক পশ্চিম গুৱাহাটীৰ বিজেপিৰ ভোটাৰে বাধ্য হৈ ভোট প্ৰদান কৰি বিপুল ব্যৱধান কলিতা জয় যুক্ত কৰে ৷ যোৱা দিন কেইটাত হেমন্ত তালুকদাৰ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী জুৰি শৰ্মা বৰদলৈ নিশ্পভ ভমিকাৰ সুযোগ লৈ সমষ্টিৰ কংগ্ৰেছৰ নেতা কৰ্মী সকলক বিজেপিত যোগদান কৰাই বিজেপিৰ পূৰ্বেৰ শক্তি বৃদ্ধি কৰাত মৰলে আগভাগ লৈছে l বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ একে বাৰে সোঁ হাত গুৰু সিশ্য দৰে দীৰ্ঘ দিন দলীয় কামকাজ কৰা ধ্ৰুৱজ্যোতি মৰলৰ লগত সমষ্টিটোৰ অগপৰ উপেক্ষিত নেতা কৰ্মী সকলে সঘনাই যোগাযোগ ৰক্ষা কৰি আছে ৷ পশ্চিম গুৱাহাটীৰ সচেতন ৰাইজৰ এই বেলি বিপুল দাবী এই সমষ্টিটো বিজেপিয়ে মিত্ৰতাৰ আওতাৰ পৰা আতৰাই বিজেপিয়ে প্ৰাৰ্থী দিবলৈ দাবী জনাই প্ৰয়োজন ১৯৯০ চনৰ দৰে বিজিপি এজিপি ফ্ৰেইণ্ডলি খেলিবলৈ প্ৰস্তুত আছে বুলি ৰাইজৰ লগতে বিজেপিৰ তৃনমুল কাৰ্য্যকৰ্তা জনাই আহিছে পৰবৰ্তী সময়ত স্হানীয় নেতা কৰ্মী আৰু ৰাইজৰ দাবী দলে সন্মান প্ৰদৰ্শন কৰিবনে সেয়াহে লক্ষণীয় হব ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা