নগাঁৱত চি আই ডিৰ অভিযান, পিছে...

নগাঁৱত চি আই ডিৰ বিষয়াৰৰূপী গভাইত গাড়ী চোৰ আটক≈≈মাহেকীয়া চুক্তিত ভাড়ালৈ নি বিক্ৰী কৰিছিল দুখনকৈ বলেৰ’ গাড়ী #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ ছেপ্টেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে অসাধু চক্ৰই সৰ্বসাধাৰণ ৰাইজক ঠগ-প্ৰৱঞ্চনাৰে আভুৱা-ভাৰি অহাৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে নগাঁও জিলাত নিজকে এজন চি আই ডি বিষয়া বুলি পৰিচয় দিয়া এটা প্ৰৱঞ্চকক আৰক্ষীয়ে আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শনিবাৰে নিশা নগাঁও চহৰৰ বিষ্ণু পল্লীৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰা ভুৱা চি আই ডি বিষয়া তথা প্ৰৱঞ্চকটো হৈছে চহৰৰ দাঁতি কাষৰীয়া ডিমৰুগুৰিৰ চিত্তৰঞ্জন বৰকাকতি ৷ ধৃত প্ৰৱঞ্চকটোয়ে চি আই ডিৰ বিষয়াৰ ভুৱা পৰিচয় দি বেবেজীয়া অঞ্চলৰ দুজন লোকৰ পৰা দুখনকৈ বলেৰ’ গাড়ী চুক্তি ভিত্তিত ভাড়ালৈ নি গোপনে বিক্ৰী কৰি দিছিল ৷ প্ৰাপ্ত খবৰ মতে, ধৃত প্ৰৱঞ্চকটোয়ে প্ৰায় আঠ মাহ পূৰ্বে নগাঁৱৰ বেবেজীয়া নিবাসী ৰাজীৱ দাস আৰু অভিজিৎ বৰদলৈ নামৰ লোক দুজনৰ পৰা নিজকে চি আই ডিৰ বিষয়া বুলি পৰিচয় দি তেওঁলোকৰ বলেৰ’ গাড়ী দুখন বিভাগীয় কামত ব্যৱহাৰৰ বাবে চুক্তি ভিত্তিত ভাড়ালৈ বুলি লৈছিল ৷ পিছে গাড়ী দুখন লৈ যোৱাৰ আঠ মাহ উকলি যোৱাৰ পিছতো গাড়ীৰ গৰাকীক চুক্তি অনুসৰি মাহেকীয়া ভাড়াৰ নামত এটকাও আদায় নিদিয়াত প্ৰৱঞ্চকটোৰ লগত গাড়ীৰ গৰাকীয়ে ম’বাইল ফোনৰ জৰিয়তে যোগাযোগৰ অহৰহ চেষ্টা চলায় যদিও প্ৰৱঞ্চকটোয়ে ফোন ৰিচিভ নকৰে ৷ ফলত কিংকৰ্তব্য বিমূঢ়ত পৰি দুয়োজন গাড়ীৰ গৰাকীয়ে সমগ্ৰ ঘটনা বিৱৰি স্থানীয় বেবেজীয়া আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে ঘটনাৰ গুৰুত্ব বুজি এজাহাৰৰ ওপৰত ভিত্তি কৰি এক গোচৰ ৰুজু কৰি তদন্তত নামি পৰে ৷ এনেদৰে তদন্ত অব্যাহত ৰখাৰ সময়তে এক গোপন সূত্ৰৰ পম খেদি শনিবাৰে নিশা আৰক্ষীয়ে চহৰখনৰ বিষ্ণু পল্লীত অভিযান চলাই প্ৰৱঞ্চক চিত্তৰঞ্জন বৰকাকতিক আটক কৰিবলৈ সক্ষম হয় ৷ ইফালে, ধৃত প্ৰৱঞ্চকটোৰ স্বীকাৰোক্তিৰ ভিত্তিত ইতিমধ্যে গোপনে বিক্ৰী কৰা বলেৰ’ গাড়ী দুখনৰ ভিতৰৰ এ এছ-০১-এম এ ৩৭২৪ নম্বৰৰ বলেৰ’খন সোণাপুৰ আৰক্ষী থানা চৌহদত উদ্ধাৰ কৰা হয় ৷ আচলতে এইখন বলেৰ’ এমাহ পূৰ্বে সোণাপুৰত এক পথ দূৰ্ঘটনাত পতিত হোৱাৰ পিছৰেপৰাই আৰক্ষীৰ জিম্মাত থানা চৌহদতে আছিল । ইয়াৰ বিপৰীতে আনখন বলেৰ’  নাগালেণ্ড-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলৰ এজন লোকক ধৃত প্ৰৱঞ্চকটোয়ে বিক্ৰী কৰা বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে । সম্প্ৰতি ঘটনা সন্দৰ্ভত নগাওঁ সদৰ থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৪০৬/৪২০ নং ধাৰাত ২২১০/২০ নম্বৰত এক গোচৰ ৰুজু কৰিছে নগাঁও আৰক্ষীয়ে ৷ 
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা