শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীৰ উদ্যোগত সাহিত্য আৰু সংগীত প্ৰতিযোগিতা

পঙ্কজ নাথ, চাংসাৰি, ১১ ছেপ্তেম্বৰ :

বিদ্যাভাৰতীৰ অন্তৰ্ভুক্ত শিশু শিক্ষা সমিতি অসমৰ সৌজন্যত শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীয়ে ছাত্ৰ-ছাত্ৰী সকলক সাহিত্য আৰু সংগীতৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ "তোৰে মোৰে আলোকৰে যাত্ৰা" শীৰ্ষক  এখনি ৰচনা প্ৰতিযোগিতা আৰু অনুৰূপ বিষয়ত ইংৰাজী, হিন্দী আৰু সংস্কৃত ভাষাত এলানি বক্তৃতা প্ৰতিযোগিতাৰ লগতে "অসমীৰে চোতালত" শীৰ্ষক এখনি সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। তিনিটাকৈ শাখাত অনুস্থিত হবলগীয়া প্ৰতিযোগিতা সমূহ এনে ধৰণৰ-

১)শিশু শাখা- ৩য়ৰ পৰা ৫ম শ্ৰেণীলৈ
ৰচনাৰ বিষয়- মা-দেউতা - ঘৰ - বিদ্যালয় - সমাজৰ পৰা মই কি শিকিলোঁ। (১৫০-২০০ শব্দৰ ভিতৰত)
সংগীত- জ্যোতি সংগীত

২)বালক শাখা-ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ
ৰচনাৰ বিষয়- মোৰ উপৰি পুৰুষে বিশ্বক কি দিলে।(৩০০-৩৫০ শব্দৰ ভিতৰত)
সংগীত-ভূপন্দ্ৰ সংগীত

কিশোৰ/তৰুণ শাখা--নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ
ৰচনাৰ বিষয়--মই মোৰ মাতৃ ভূমি তথা বিশ্বক কি দিব পাৰোঁ।(৪৫০-৫০০ শব্দৰ ভিতৰত)
সংগীত--লোকগীত(কামৰূপী আৰু গোৱালপৰীয়া)
প্ৰতিটো শাখাত সংগীতৰ নিৰ্ধাৰিত সময় ৪মিনিট*

বক্তৃতাৰ বিষয়--তিনিওটা শাখাত দিয়া ৰচনাৰ বিষয় কেইটা নিজৰ শাখাত উল্লেখিত তিনিটা ভাষাৰ যিকোনো এটা ভাষাত বক্তৃতা হিচাপে আগবঢ়াব পাৰিব। বক্তৃতাৰ সময়-শিশু শাখাৰ বাবে ৫ মিনিট।বালক আৰু কিশোৰ/তৰুণ ৰ বাবে  ৭ মিনিট।

প্ৰতিযোগীয়ে ৰচনা সমূহ A4 জোখৰ কাগজত লিখি ফটো উঠাই তলত দিয়া হোৱাটচ এপ নম্বৰত প্ৰেৰণ কৰিব লাগিব।অনুৰূপ ধৰণে সংগীত আৰু বক্তৃতাৰ ভিডিঅ প্ৰেৰণ কৰিব লাগিব।ৰচনাৰ লগতে বক্তৃতা আৰু সংগীতৰ ভিডিঅ প্ৰেৰণৰ বাবে হোৱাটচআপ নং-9707521156 ত অন্তিম তাৰিখ ২ অক্টোবৰ প্ৰেৰণ কৰিব লাগিব। 
প্ৰতিযোগিতাৰ ফলাফল সমূহ ১৪ নৱেম্বৰ ২০২০ তাৰিখত ঘোষণা কৰা হব। প্ৰতিটো শাখাৰ শ্ৰেষ্ঠ তিনিজন প্ৰতিযোগীক আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হব বুলি নিকেতন পৰিচালনা সমিতিৰ সম্পাদক  মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়ে।সবিশেষ তথ্যৰ বাবে তেখেতে  9706115465,  9365644368,আৰু 9706588355  নম্বৰ কেইটাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা