সংখ্যালঘু ছাত্ৰ ছাত্ৰী জলপানীৰ ধনৰ কেলেংকাৰী সন্দৰ্ভত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ নগাঁও জিলা সন্থাৰ সংবাদমেল

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ ছেপ্তেম্বৰ: দৰিদ্ৰ লোকসকলৰ বাবে আবণ্টিত বিভিন্ন চৰকাৰী অভিলাষী আঁচনি বিশেষকৈ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন সম্পৰ্কীয় কেলেংকাৰীত একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ নাম সাঙোৰ খাই পৰাত মঙলবাৰে অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ নগাঁও জিলা সন্থাই এখনি সংবাদমেলৰ আয়োজন কৰে। জিলাখনৰ বটদ্ৰৱাৰ দাঁতি কাষৰীয়া জামতলত অনুষ্ঠিত হোৱা এই সংবাদমেলত সমাজৰ একাংশ মধ্যভোগী দালালে অতি কৌশলেৰে গ্ৰামাঞ্চলৰ দুখীয়া ৰাইজক প্ৰতাৰণা কৰি ধন আত্মসাৎ কৰি আহিছে আৰু ইয়াৰ সমগ্ৰ দোষ গ্ৰাহক সেৱা কেন্দ্ৰলৈ ঠেলি দিছে বুলি সন্থাই অভিযোগ উত্থাপন কৰি চৰকাৰ তথা প্ৰশাসনক সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ধনৰ কেলেংকাৰীৰ উচিত তদন্ত কৰি ইয়াৰ লগত জড়িত দোষীক চিনাক্ত কৰি উচিত শাস্তি প্রদান কৰিবলৈ দাবী জনাই । লগতে সংবাদমেলত গ্ৰামীন বিকাশ বেংকৰ গ্ৰাহক সকলে ধন জমা দিয়া আৰু ধন উলিওৱাৰ ক্ষেত্ৰত কেতিয়াও কাকো অতিৰিক্ত ধন দিব নালাগে বুলি স্পষ্ট কৰি সন্থাই গ্ৰাহক সকলে বেংকৰ পাছবুকৰ তথ্য অন্য ব্যক্তিক নিদিবলৈ আহ্বান জনাই। অসম গ্ৰামীণ বিকাশ বেংকৰ বেংক মিত্ৰ সন্থাৰ সভাপতি ছাইফুল ইছলাম, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য লক্ষী নাথ, জিলা কাৰ্যনিৰ্বাহক সদস্য বাহাৰুল ইছলাম, আঞ্জাৰ হুছেইনকে প্ৰমুখ্য কৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী উপস্থিত থকা সংবাদ মেলত ৰাইজক গ্ৰাহক সেৱা কেন্দ্ৰৰ প্ৰতি বিশ্বাস আৰু আস্থা বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰই অসমৰ গ্ৰামাঞ্চলৰ ৰাইজৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে।
=====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা