পত্নীৰ দুয়োটা বৃক্ক বিকলঃ অৰ্থৰ অভাৱত চিকিৎসা বন্ধঃ অসহায় পতীৰ উচুপনিঃ সাহায্যৰ আবেদন

প্ৰতিবেদক, ৰঙিয়া, ১৫ ছেপ্তেম্বৰঃ 
দুয়োটা বৃক্ক বিকল হৈ মৃত্যুৰ সৈতে যুঁজি থকা ৰঙিয়াৰ এগৰাকী বোৱাৰীক অৰ্থৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি উচুপিছে তেওঁৰ অসহায় পতি। ৰঙিয়া চহৰৰ ৪নং, ওৱাৰ্ডৰ পদপথত সৰু পান তামোলৰ দোকানেৰে  কোনমতে সংসাৰ চলোৱা সুজিত পালে মাত্ৰ দেড় বছৰ পূৰ্বে সামাজিক প্ৰথাৰে বিবাহ সম্পন্ন কৰিছিল দৰং জিলাৰ কলাইগাঁৱৰ ঝুমা পালৰ সৈতে। কিন্তু বিগত ছমাহ ধৰি ঝুমা পালৰ দুয়োটা বৃক্ক বিকল হোৱাটো নিশ্চিত হোৱাত সুজিত পালৰ মূৰত স্বৰগ ভাগি পৰে। তলাবন্ধৰ ফলত পান দোকান বন্ধ হৈ থকাত আৰ্থিক ভাৱে জুৰুলা হোৱা পালে অৰ্ধাহাৰে অনাহাৰে দিন কটোৱাৰ সময়তে ভুতৰ ওপৰত দানহ পৰাদি পত্নীৰ এই জটিল বেমাৰে তেওঁক কিংকৰ্তব্যবিমূঢ় কৰি তোলে। পত্নীৰ শাৰিৰীক অৱস্থা দিনক দিনে অৱনতি হোৱাত চকুৰ সমুখত পত্নীৰ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি সুজিতে সাহায্যৰ বাবে ৰাইজৰ ওচৰত কাতৰ আবেদন জনাইছে। ইতিমধ্যে ৰঙিয়াৰ  কেবাগৰাকী সদাশয় ব্যক্তিয়ে যৎসামান্য সাহায্য আগবঢ়াইছে যদিও সেয়া এপাচি শাকত এটা জালুকৰ লেখিয়া। তেওঁ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যখনৰ সদাশয় ব্যক্তি সকলক অৰ্থ সাহাৰ্য্যৰে নাইবা উন্নত চিকিৎসাৰ জৰিয়তে পত্নীক ৰক্ষা কৰিবলৈ কৰজোৰে প্ৰাৰ্থনা জনাই হিয়া ঢাকুৰি কান্দোনত ভাগি পৰে।তেওঁ তেওঁৰ পত্নী ঝুমা পালৰ নামত অসম কো অপাৰেটিভ এপেক্স বেংকৰ ৰঙিয়া শাখাত থকা একাউণ্টৰ(নং ১৬১০৪২০১০০১৮৩৮৮ আই এফ এছ ছি কোডনং HDFC 0 CACABL) জৰিয়তে অৰ্থ সাহাৰ্য্য প্ৰদান কৰি পত্নীৰ জীৱন ৰক্ষা কৰিবলৈ সদাশয় ৰাইজক কাতৰ প্ৰাৰ্থনা জনায়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা