পশ্চিম নলবাৰীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ সমিতি গঠন*

পশ্চিম নলবাৰীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ সমিতি গঠন*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৩ ছেপ্তেম্বৰ*

আজি দিনৰ ১২ বজাত ২৫নং ৰূপীয়া বাথান গাঁও পঞ্চায়তৰ অন্তৰ্গত বেজৰবাৰী আশ্ৰমত এখন সভাৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ এখন সমিতি গঠন কৰা হয় ৷ বলেন তালুকদাৰক সভাপতি, দিগন্ত বৈশ্য আৰু নিৰেন বৈশ্যক উপ সভাপতি, সীমান্ত বৰ্মনক সংযোজক, প্ৰদীপ বৰ্মন আৰু নৱজ্যোতি ভড়ালীক সহঃ সংযোজকৰ দায়িত্বৰে উক্ত সমিতিখন গঠন কৰা হয় ৷ উত্তৰ প্ৰান্তৰ সংগঠন সম্পাদক বৈকুণ্ঠ কলিতা, জিলা সভাপতি বুবুল ডেকা আৰু জিলা পৰ্যায়ৰ বিশেষ শুভাকাংক্ষী, যুব সাংবাদিক তথা শিক্ষক ৰূপক বৈশ্যৰ উপস্থিতিত স্থানীয় সমাজকৰ্মী তিকেন বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাখনত উপস্থিত হৈ প্ৰায় অৰ্ধ শতাধিক শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে ৷ উত্তৰ প্ৰান্তৰ সংগঠন সম্পাদক বৈকুণ্ঠ কলিতাই সভাত উপস্থিত থকা সমূহলৈ এক আহ্বানমৰ্মে হিন্দু হৈ জনম লাভ কৰা প্ৰত্যেককে নিজকে এগৰাকী হিন্দু বুলি চিনাকী দিবলৈ যেন কোনেও কুণ্ঠাবোধ নকৰে তাৰ প্ৰতি বক্তব্যত বিশেষভাবে উল্লেখ কৰে ৷ নিজৰ কৰ্মৰ প্ৰতি স্পৃহা অটুট ৰাখিবলৈও অনুৰোধ জনায় ৷ একেধৰণেই জিলা পৰ্যায়ৰ বিশেষ শুভাকাংক্ষী, যুব সাংবাদিক তথা শিক্ষক ৰূপক বৈশ্যই নিজৰ ভাষণত উল্লেখ কৰি কয় যে সাহসেৰে নিজ মাতৃভূমিত শিৰ উচ্চ কৰি প্ৰজন্মৰ বাবে সুগম পথ ৰচনা কৰাৰ যে দায়িত্ব প্ৰতিগৰাকী হিন্দুৰেই আছে তাক উনুকিয়াই সজাগ কৰি তোলে আৰু এই বাৰ্তা উপস্থিত সমূহে যাতে সৰ্বত্ৰে বিয়পায় তাক বিনয়েৰে অনুৰোধ কৰে ৷ সভাত উপস্থিত সকলো সচেতন শুভাকাংক্ষীলৈ এক শুভেচ্ছামূলক বক্তব্যও প্ৰদান কৰি বৈশ্যই সমূহলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা