২০২১ ৰ নিৰ্বাচনৰ ৰণশিঙা বজালে বিজেপিয়ে

২০২১ ৰ নিৰ্বাচনৰ ৰণশিঙা বজালে বিজেপিয়ে
গুৱাহাটীত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাত দলৰ পৰৱৰ্তী ১০০ দিনৰ কাৰ্য্যসূচী ঘোষণা

গুৱাহাটী, ৪ ছেপ্টেম্বৰ: গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিজেপি অসম প্ৰদেশৰ নৱ গঠিত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিৰ প্ৰথমখন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি ৰণজিত কুমাৰ দাস ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্য্যনিৰ্বাহক সভাত দলে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণশিঙা বজায়। নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে এই পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহক সভাত সাংগঠনিক, ৰাজনৈতিক, অর্থনৈতিক দিশৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে বিজেপিৰ পৰৱৰ্তী ১০০ দিনৰ কাৰ্য্যসূচী ঘোষণা কৰা হয়। সভাৰ আদৰণি ভাষণ দি মাননীয় সভাপতি ডাঙৰীয়াই কয় যে 'সেৱাই সংগঠন ' এই মূলমন্ত্ৰক সৰোগত কৰি ভাৰতীয় জনতা পাৰ্টি সমাগত নিৰ্বাচনৰ বাবে সাজু হৈছে।
তেওঁ কয় যে, ৪২ লাখ কাৰ্য্যকৰ্তাৰ সহযোগিতাৰে ২৮ হাজাৰ বুথ সমিতি,৬ হাজাৰ শক্তি কেন্দ্ৰৰ লগতে ৩ লাখ ২০ হাজাৰ পৃষ্ঠাপ্ৰমুখক সক্ৰিয় কৰা আদি সাংগঠনিক কামকাজসমূহৰ জৰিয়তে ইতিমধ্যে বিজেপিৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা হৈছে। কংগ্ৰেছ, এ আই ইউ ডি এফৰ মিত্ৰজোঁট সন্দৰ্ভত সভাপতি ডাঙৰীয়াই কয় যে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। এই মিত্ৰজোঁটৰ বাবে বিজেপি দলে ২০২১ চনত উজনি অসমত বিশেষকৈ গোলাঘাট, মৰিয়নি, সৰুপথাৰ,শিৱসাগৰ, নাজিৰা, তিতাবৰ, নাওবৈচা, ডুমডুমা আদি বহু কেইখন আসন দখল কৰিব। ৪২ লাখ কাৰ্য্যকৰ্তাৰ সহযোগত কমেও ৮৫ লাখ ভোটেৰে বিজেপি ২০২১ চনৰ নিৰ্বাচনত অপ্ৰতিৰুদ্ধ হৈ ৰব বুলি সভাপতি মহোদয়ে ঘোষণা কৰে। ভাৰ্চুৱেল ভাৱে দিল্লীৰ পৰা সভাক সম্বোধি কেন্দ্ৰীয় বস্ত্ৰ শিল্প, মহিলা আৰু শিশু কল্যান দপ্তৰৰ মন্ত্ৰী স্মৃতি জুবিন ইৰাণী ডাঙৰীয়ানীয়ে উন্নয়নমূলক কাম কাজৰ জৰিয়তে সফলতা শিখৰত উপনীত হোৱা অসম চৰকাৰক অভিনন্দন জনায়। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি বিশেষকৈ জনধন আঁচনিৰ বিষয়ে উল্লেখ কৰি শ্ৰী মতী ইৰাণীয়ে কয় যে, এই আঁচনিৰ অধীনত এতিয়ালৈ সমগ্ৰ দেশৰে ২২ কোটি মহিলাৰ বেংক একাউণ্ট খোলা হৈছে আৰু কৰণা মহামাৰীৰ সময়ত এইসকল মহিলাৰ একাউন্টলৈ ৩০ হাজাৰ কোটি টকা যোগান ধৰা হৈছে। অসমত ইতিমধ্যে এই আচঁনিৰ অধীনত ডেৰ কোটি মহিলাৰ বাবে বেংক একাউণ্ট খোলা হৈছে। তেওঁ এবছৰৰ ভিতৰত ১১ হাজাৰ ৫০০ কিঃমিঃ দৈর্ঘৰ পথ নিৰ্মাণ কৰি অভিলেখ গঢ়া অসম চৰকাৰক শুভেচ্ছা জনায়।

 সভাত বক্তব্য ৰাখি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাননীয় ৰাম মাধৱ ডাঙৰীয়াই দলীয় কাৰ্য্যকৰ্তাসকলক নিৰ্ভীক ভাৱে একনিষ্ঠাৰে ২০২১ৰ দলীয় নিৰ্বাচনী যুঁজত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। দলীয় সাংগঠনিক ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে বুলি উল্লেখ কৰি সম্পাদক গৰাকীয়ে কয় যে, কংগ্ৰেছৰ দৰে ভ্ৰষ্টাচাৰী আৰু বিদেশী পূৰ্ব বংগীয় লোকৰ সুৰক্ষাৰ স্বাৰ্থত জন্ম হোৱা এ আই ইউ ডি এফৰ মিত্ৰজোটক কেতিয়াও অসমবাসীয়ে স্বীকাৰ নকৰে। ইয়াৰ বিপৰীতে স্বাভিমানীসকলৰ জাতি মাটি ভেটিৰ স্বাৰ্থৰ বাবে কাম কৰি যোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনক ৰাইজে আঁকোৱালি লৈছে আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত বিজেপি পুনৰ ক্ষমতালৈ আহিব। লগতে ৰাম মাধৱ দেৱে বিৰোধী দলক সমালোচনা কৰে "एक पेतियो का दल एक  घुसपैठियों का दल" 

সভাত ভাৰ্চুৱেল ভাৱে উপস্থিত থাকি ৰাষ্ট্ৰীয় সাংগঠনিক সহ সম্পাদক চৌদান সিং ডাঙৰীয়াই সাংগঠনিক দিশৰ বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই।

সভাত সন্মানীয় নেডাৰ আহ্বায়ক  
 ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমৰ জন জীৱনত ভাৰতীয় জনতা পাৰ্টীৰ গঠনমূলক চৰকাৰখনে ৰাইজৰ হৃদয়ত স্থান পাবলৈ সক্ষ হৈছে আৰু এইয়া এটা ৰাজনৈতিক দলৰ বাবে চৰম সফলতা। অৰুণোদয় আচঁনিয়ে সমাজৰ সকলো ব্যক্তিৰ মাজতেই সৰ্বব্যাপী, সৰ্বগ্ৰাহী, সৰ্বস্পৰ্শী হিচাপে পৰিগণিত হৈছে। আজি অসমৰ গাঁৱে ভূঁইয়ে যি ধৰণে পৰিৱৰ্তনৰ বুনিয়াদ গঢ়ি লৈ উঠিছে এই বুনিয়াদেই ২০২১ ত ৰাইজে যে বিজেপি চৰকাৰ প্ৰতিষ্ঠিত কৰিব এই কথা ৰাইজৰ বিভিন্ন স্তৰৰ জনমতে প্ৰকাশ কৰে।

সভাৰ সমাপনৰ ভাষণ প্ৰদান কৰি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে, সন্ত্ৰাসমুক্ত, প্ৰদূষণমুক্ত, বিদেশীমুক্ত আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে আন্তৰিকতাৰে প্ৰচেষ্টা লৈ আহিছে। অসম চুক্তি আখৰে আখৰে পালন কৰাৰ হেতু বাংলাদেশ সীমান্তৰ নদী পথ  ইজৰাইলৰ পৰা নতুন কাৰিকৰী কৌশল আনি বাংলাদেশ সীমান্ত কটকটীয়াভাৱে বন্ধ কৰা হয়। অন্যহাতে ৩৫ টা বছৰৰ পিছত অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্য্যকাৰীকৰণ কৰিবলৈ লোৱা মুহূৰ্তত বিৰোধীয়ে বিধি পঠালি দিয়া দেখা যায়। কিন্তু চৰকাৰে সকলো বাধা নেওচি ৬ নম্বৰ দফা সফল ৰূপায়ন কৰিবলৈ আগবাঢ়ি যাব। মুখ্যমন্ত্ৰী গৰাকীৰ ভাষণত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ Act East নীতিৰ সফল ৰূপায়ন, ৰাজ্যৰ তেল শোধনাগাৰৰ নৱ জাগৰণ কাৰণে লোৱা পদক্ষেপ সমূহৰ শলাগে বিশেষভাৱে স্থান লাভ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা