শিৱসাগৰত শিক্ষক দিৱস উদযাপন
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ, ৫ ছেপ্টেম্বৰ : সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে আজি শিৱসাগৰতো ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে শিক্ষক দিৱসটি শিৱসাগৰ যুৱদল প্ৰক্ষাগৃহ উদযাপন কৰে ।
শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত স্থানীয় যুৱ দলত অনুষ্ঠুপীয়াকৈ আয়োজন কৰা শিক্ষক দিৱসৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে শুভাৰম্ভ কৰাৰ লগতে অনুষ্ঠানত সভাপতিত্ব কৰি প্ৰদান কৰা ভাষণত তেওঁ জিলাখনৰ শিক্ষক সমাজলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনায় | জিলাখনৰ শৈক্ষিক উত্তৰণৰ শিক্ষক সকলে আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ শিক্ষক আৰু বিদ্যাৰ্থীৰ সু-সমন্বয়েহে শিক্ষাৰ মহত্ব তথা উৎকৰ্ষ সাধন হয় বুলি উল্লেখ কৰে। নিজ বক্তব্যত তেওঁ মহান দাৰ্শনিক, শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আদর্শৰে অনুপ্ৰাণিত হ'বলৈ শিক্ষক সমাজক আহ্বান জনায়।
উল্লেখযোগ্য যে, সাম্প্ৰতিক ক'ভিড-১৯ ৰোগে সৃষ্টি কৰা ভয়াবহতা তথা ইয়াৰ সাম্ভাব্য গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানটি স্বাস্থ্য বিভাগে জাৰি কৰা নিয়মাৱলী মানি যেনে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰি আয়োজন কৰে ।
অনুষ্ঠানত শিৱসাগৰ জিলাৰ প্ৰাক প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈকে ২৩ গৰাকী বিশেষ সেৱা আগবঢ়োৱা শিক্ষকক কৃতী শিক্ষক বঁটা প্ৰদান কৰা হয়। লগতে শিক্ষা বিভাগত কৰ্মৰত হৈ উল্লেখনীয় সেৱা আগবঢ়োৱা কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ।
শিৱসাগৰ জিলাৰ সমূহ শিক্ষা খণ্ডৰ প্ৰতিনিধি শিক্ষক উপস্থিত থকা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰৱক্তা অজয় কুমাৰ গগৈয়ে সাম্প্রতিক সময়ত শিক্ষাৰ মহত্বৰ উল্লেখনিৰে বিশ্বৰ আগশাৰীৰ দেশসমূহৰ শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে আলোচনা আগবঢ়ায় । অনুষ্ঠানটিত উপস্থিত থাকি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱালে তেওঁৰ বক্তব্যত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে।
শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিলে অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰি শিক্ষক সকলক সমাজৰ নমস্য ব্যক্তি বুলি উল্লেখ কৰি তেওঁলোকৰ অৱদানৰ ফলতে ভৱিষ্যত প্ৰজন্মৰ সুদৃঢ় ভেঁটি নিৰ্মাণ হয় বুলি গুৰুত্বপুৰ্ণ মন্তব্য প্ৰকাশ কৰে । লগতে তেওঁ জিলাখনৰ শিক্ষক সকলৰ কৰ্তব্যনিষ্ঠা আৰু দায়বদ্ধতাৰ শলাগ লয়।
শিক্ষক দিৱসৰ লগত সংগতি ৰাখি e-Flipped নামৰ এটি শিক্ষা সহায়ক এপ মুকলি কৰা হয় য'ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিভিন্ন পাঠ্যক্ৰম সামৰি লোৱা হৈছে ।
শিক্ষক নৱনীত হাজৰিকাই আঁত ধৰা সভাখনত শলাগৰ শৰাই আগবঢ়ায় ছামছুল বাৰিকে।
শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট |
Comments
Post a Comment