নগাঁৱত মাইক্ৰ'ফাইনেন্সৰ শোষণ আৰু অত্যাচাৰ বন্ধৰ দাবীত বিক্ষোভ প্ৰদৰ্শন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ ছেপ্টেম্বৰঃ মাইক্ৰ 'ফাইনেন্সৰ শোষণ আৰু অত্যাচাৰ বন্ধৰ দাবীত মঙলবাৰে দেশজুৰি সদৌ ভাৰত কৃষি আৰু গ্ৰামীণ শ্ৰমিক সন্থাই আহ্বান জনোৱা বিক্ষোভ কাৰ্য্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে অবিভক্ত নগাঁও জিলাটো ৰূপায়ন কৰা হয়। এই মৰ্মে, সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু মাইক্ৰ 'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ যৌথ উদ্যোগত নগাঁও চহৰত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতি, ধিং দুৰ্নীতি বিৰোধী সন্থা আৰু কৃষক গৰীৱ ন্যায় সন্থাৰ অসমৰ পাঁচ শতাধিক সমর্থকে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে ঋণ মুক্তি আৰু মাইক্ৰ’ফাইনেন্সৰ দৌৰাত্ম তথা অত্যাচাৰৰ বিৰুদ্ধে সৰব হৈ সকলো ধৰণৰ ক্ষুদ্ৰ ঋণ মাফ কৰা, মাইক্র'ফাইনেন্সৰ অত্যাচাৰ বন্ধ কৰা, মাইক্ৰ’ফাইনেন্সক চৰকাৰে নিয়ন্ত্ৰণ কৰা, অৰুণোদয় আঁচনিৰ প্ৰ পত্ৰ ৰাজহুৱা কৰা, ঋণ মাফ কৰিবনে নকৰে চৰকাৰক জৱাব বিছৰা আদি বিভিন্ন দাবীৰে শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷ এই বিক্ষোভ কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ হৈ দণ্ডাধীশ দেৱ নাৰায়ন হাজৰিকা বিক্ষোভ থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ পৰা স্মাৰক পত্ৰ আৰু ৰাজহুৱা গোচৰ পত্ৰ গ্ৰহণ কৰে ।
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা