নগাঁৱত বিদ্যুৎ বিভাগৰ দায়িত্বহীনতাত বিদ্যুৎস্পৃষ্ট হৈ বন্য হস্তীৰ মৃত্যু

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ছেপ্টেম্বৰঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ জুৰীয়াৰ সমীপৰ ধিংবড়ি চাপৰিৰ গংগাৰাম ঘাটত বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, যোৱা নিশা লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ এটা জাক ধিংবড়ি চাপৰিৰ ফালে আহি থাকোতে গংগাৰাম ঘাটৰ ওচৰত উচ্চ ক্ষমতা সম্পন্ন তাঁৰত লাগি হাতীৰ জাকটোৰ এটা হাতীৰ মৃত্যু হয় ৷ উল্লেখ্য, বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতি আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা বন্য হস্তীটোয়ে এনেদৰে কৰুণ মৃত্যুক আকোঁৱালি ল’বলগীয়া হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ আচলতে ধিংবড়ি চাপৰিত  মাটিৰ সামান্য ওপৰতেই  ১১ হাজাৰ ভ’ল্টৰ বৈদ্যুতিক তাঁৰ ওলমি থকাৰ ফলতেই এই শোকাবহ ঘটনা সংঘটিত হয় । স্থানীয় বাসিন্দাৰ অভিযোগ, বিদ্যুৎ বিভাগে সম্পূৰ্ণ মইমতালিৰে বৈদ্যুতিক খুটাবোৰ দূৰে দূৰে স্থাপন কৰাৰ বাবেই  উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰসমূহ বহুদিনৰে পৰা ঠায়ে ঠায়ে মাটিৰ পৰা সামান্য ওপৰত ওলমি আছিল । আনকি বিদ্যুৎ পৰিবাহী তাঁৰবোৰ এনেদৰে বিপদজনকভাবে উলমি থকাৰ বিষয়ে স্থানীয় সচেতন লোকসকলে বহুবাৰ বিদ্যুৎ বিভাগক অৱগত কৰি আহিছিল যদিও বিষয়টোত সংশ্লিষ্ট বিভাগে তিলমানো গুৰুত্ব প্ৰদান নকৰাৰ বাবেই এই শোকাৱহ ঘটনা সংঘটিত হ’বলৈ পালে বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰিছে ৷ 
===================

Comments