ৰঙিয়াত পৌৰ কৰ্মীৰ ১০ দিনীয়া অৱস্থান ধৰ্মঘট

প্ৰতিবেদক, ৰঙিয়া, ২৮ ছেপ্টেম্বৰঃ দীৰ্ঘ পাঁচ দশক ধৰি নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি থকা ৰাজ্যৰ পৌৰ কৰ্মচাৰী সকলে আজিও তেওঁলোকৰ আন্দোলন অব্যাহত ৰাখিছে। তৎস্বত্তেও ৰাজ্যৰ  কোনো এখন চৰকাৰে পৌৰ কৰ্মী সকলৰ দাৱীৰ প্ৰতি নূন্যতম গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। বিগত দুই ছেপ্টেম্বৰত তিনিদিনীয়া অৱস্থান ধৰ্মঘট পালন কৰাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সহাৰি নোপোৱাত পৌৰ কৰ্মী সকলে আজিৰ পৰা পুণৰ দহ দিনীয়া ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছে। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰঙিয়া পৌৰসভাত বিভিন্ন দাবীৰ সমৰ্থনত আজিৰ পৰা অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মচাৰী সকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগানেৰে পৌৰসভা চৌহদ উত্তাল কৰি তোলে। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ ৰঙিয়া শাখাৰ সভাপতি, প্ৰাক্তন বিধায়ক অনন্ত ডেকা আৰু সম্পাদক ৰমেশ শৰ্মাই জনোৱা মতে পৌৰ কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি উত্থাপন কৰা দাবীসমূহ হ'ল, ৰাজ্য চৰকাৰে ২০১৩ চনৰ ৪ চেপ্তেম্বৰ তাৰিখে গ্ৰহণ কৰা পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰী কৰণৰ কেবিনেট সিদ্ধান্ত কাৰ্য্যকৰী কৰি "চৰকাৰীকৰণ বিধেয়ক" ২০১৪ বিধান সভাত উত্থাপন কৰি অধিসূচনা জাৰি কৰা, ৰাজ্যখনৰ পৌৰ কৰ্মচাৰীসকলৰ ৩ মাহৰ পৰা সুদীৰ্ঘ ২৭ মাহ পৰ্যন্ত অনাদায় হৈ থকা দৰমহা অতি শীঘ্ৰে আদায় দিয়া আৰু মাহৰ শেষত কৰ্মচাৰীসকলৰ প্ৰাপ্য মাহিলি দৰমহা আদায়ৰ নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰা, চতুৰ্থ অসম ৰাজ্যিক বিত্তীয় আয়োগৰ পৰামৰ্শ মৰ্মে ২০১৩ চনৰ ৪ চেপ্তেম্বৰ তাৰিখে ৰাজ্য চৰকাৰৰ কেবিনেট সভাই অনুমোদন কৰা পৌৰসভাৰ সুনিদিৰ্ষ্ট কৰ্মচাৰীৰ গাঁঠনিৰ চৰকাৰী অধিসূচনা জাৰি কৰা, পৌৰসভা সমূহত কৰ্মৰত হৰিজন আৰু চাফাই কৰ্মচাৰীসকলৰ লগতে ফিক্স পে আৰু ঠিকাভিত্তিত নিয়োজিত পৌৰ কৰ্মচাৰীসকলক চতুৰ্থ অসম ৰাজ্যিক বিত্তীয় আয়োগৰ পৰামৰ্শ মৰ্মে কেবিনেট সভাই গ্ৰহণ কৰা সুনিদ্দিৰ্ষ্ট কৰ্মচাৰীৰ গাঁঠনিৰ নিৰ্দ্ধাৰিত পদত অতিশীঘ্ৰে নিয়মীয়াকৰণ কৰা, ৰাজ্যখনৰ অৱসৰপ্ৰাপ্ত পৌৰ কৰ্মচাৰীসকলে পাব লগা অনাদায় দৰমহা আৰু অন্যান্য সা-সুবিধাসমূহ অতিশীঘ্ৰে আদায় দিয়া আৰু গুৱাহাটী পৌৰ নিগমৰ পৌৰ কৰ্মচাৰী সকলৰ দৰে পেন্সন প্ৰৱৰ্তন কৰা। এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ মাণ্ডলিক সম্পাদক দীনেশ কুমাৰ দাস ৰঙিয়া শাখাৰ সভাপতি অনন্ত ডেকা, সম্পাদক ৰমেশ শৰ্মা, উপ সভাপতি গণেশ স্বৰ্গীয়াৰী, সহঃ সম্পাদক শ্বৰিফ মহম্মদ সহ  পৌৰসভাৰ কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা