নেক্সট্ ইলেকট্ৰনিকছৰ ১১ তম বৰ্ষপূতি পালন



ষ্টাফ ৰিপ'ৰ্টাৰ,১৯ছেপ্টেম্বৰ।।। ইলেকট্ৰনিকছ শ্ব'ৰুম নেক্সট ইলেকট্ৰনিকছে সফলতাৰে ১১ বছৰ অতিক্ৰম কৰিলে। এই উপলক্ষে শনিবাৰে গ্ৰাহকৰ বাবে 'নেক্সট্ হাব' অনলাইন এপ মুকলি কৰা হয় শ্ব'ৰূমটোৰ স্বত্বাধিকাৰী অভিষেক ছোনিয়ে এই সন্দৰ্ভত জানিব দি কয়"-আমিও গ্ৰাহকৰ পৰা বিশেষভাৱে সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছো"। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'লোকেল ফ'ৰ ভোকেল' আৰু 'আত্মনির্ভৰশীল ভাৰত'ৰ শ্ল'গানক সফল ৰূপায়ণ কৰাৰ বাবে 'নেক্সট্ হাব' মুকলি কৰা হৈছে। কান্তাদেৱী ছোনি, নৰেন্দ্ৰ ছোনি, ৰাজেশ ছোনি সংগীতা ছোনি আৰু জ্যোতিকা ছোনিৰ উপস্থিতিত এই অনলাইন এপটো মুকলি কৰা হয়। এই এপৰ জৰিয়তে গ্ৰাহক সকলে অতি সহজেই সকলো ধৰণৰ ইলেকট্ৰনিকছ সামগ্রী ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব। আনহাতে নেক্সট্ ইলেকট্ৰনিকছে কেছ অন ডেলিভাৰীৰ ব্যৱস্থা কৰিছে। তদুপৰি বৰ্ষপূতি উপলক্ষে গ্ৰাহক সকলৰ বাবে ভাউচাৰৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে, ২৭ ছেপ্টেম্বৰৰ ভিতৰত যিসকলে 'নেক্সট্ হাব' ডাউনলোড কৰিব সেইসকল গ্ৰাহকে  ২৫০০০ টকালৈকে গিফ্ ট ভাউচাৰ লাভ কৰিব বুলি স্বত্বাধিকাৰী গৰাকীয়ে জানিব দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা