নাজিৰাত ৰাজ্যিক যুৱমৰ্চাৰ সম্পাদক ময়ুৰ বৰগোঁহাই সম্বৰ্ধনা অনুষ্ঠানত ৫ শতাধিক লোকৰ বিজেপিত যোগদান

নাজিৰাত ৰাজ্যিক যুৱমৰ্চাৰ সম্পাদক ময়ুৰ বৰগোঁহাই সম্বৰ্ধনা অনুষ্ঠানত ৫ শতাধিক লোকৰ বিজেপিত যোগদান

অসম ৰাজ্যিক ভাৰতীয় যুৱমৰ্চাৰ ৰাজ্যিক সম্পাদক ময়ুৰ বৰগোহাইক নাজিৰা সমষ্টিত পঞ্চায়তে পঞ্চায়তে যুৱমৰ্চাৰ তৰফৰ পৰা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে । আজি ফুলপানী বৰুৱা পঞ্চায়ৰ অন্তৰ্গত ৰাজহুৱা ৰংগমঞ্চত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ২০০ বিভিন্ন সংগঠনৰ লগতে কংগ্ৰেছৰ সদস্যই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিতহৈ ময়ুৰ বৰগোঁহাই উপষ্ঠিতিত যোগদান কৰে । এই সভাত উপস্থিত থাকি যুৱমৰ্চাৰ সম্পাদক জনে অৰুণোদয় আঁচনি আৰু স্বয়ম আচনিৰ উপৰত মন্তব্য ৰাখি ইয়াৰদ্বাৰা মহিলাসকল আৰু যুৱক-যুৱতী সকলে কেনেদৰে উপকৃত হব পাৰিব সুন্দৰভাৱে উপস্থাপন কৰে । এই অৰুণোদয় আচনিখনত কংগ্ৰেছ দলে কেনেদৰে নিকৃষ্ট ৰাজনীতি কৰিছে আৰু ৰাইজক ইয়াৰ পৰা আঁতৰত থাকিবলৈ অনুৰোধ জনায় । কিয়নো অসম চৰকাৰে এতিয়াও অৰুণোদয়ৰ আচনিৰ ফৰ্ম বিতৰন কৰাই নাই । তেনেক্ষেত্ৰত কেনেদৰে কংগ্ৰেছদলে নাজিৰা সমষ্টিত প্ৰায় ৩০০০০ হাজাৰ ফৰ্ম বিতৰণ কৰিলে বুলি প্ৰশ্ন কৰে । অন্যহাতে আজি এই অনুষ্ঠানৰ পিছতে ময়ুৰ বৰগোঁহায়ে স্থানীয় মজদুৰ নামঘৰলৈ কেইবা বান্দোল টিং আগবঢ়াই । ইফালে আজিয়েই জয়মতী পঞ্চায়তৰ পেক্ষাগৃহত অনুষ্ঠিত অন্য এক সম্বৰ্ধনা সভাত সেই অঞ্চলৰ ৩০০ লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।

 

নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা