অতীতত কেৰাচিন তেল যোগান ধৰি সকলোকে পোহৰাই তোলা পশ্চিম নলবাৰীৰ চামতাৰ হকাৰ ভৱেন বৰ্মনৰ ঘৰত আজি অন্ধকাৰ

অতীতত কেৰাচিন তেল যোগান ধৰি সকলোকে পোহৰাই তোলা পশ্চিম নলবাৰীৰ চামতাৰ হকাৰ ভৱেন বৰ্মনৰ ঘৰত আজি অন্ধকাৰ*

*ৰূপক বৈশ্য, সাপ্তাহিক আমাৰ চিঞৰ, নলবাৰী, ১৫ চেপ্তেম্বৰ*

এয়া এগৰাকী কেৰাচিন তেল বিক্ৰী কৰি অঞ্চল পোহৰাই তোলা হকাৰৰ অন্ধকাৰময় জীৱনৰ দুখগাঁথা ৷ নামনি অসমৰ নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ এক জনবহুল অঞ্চল চামতা ৷ চামতাৰ ৰূপীয়াবাথান গাঁৱৰ হেবেপাৰা চুবুৰীৰ এজন লোক ৷ নাম ভৱেন বর্মন ৷ ১৯৭২ চনৰ পৰা সৌ সিদিনালৈকে সূদীর্ঘ ৪৮ বছৰে নিজৰ মৰমৰ তিনিচকীয়া চাইকেলখনেৰে কেৰাচিন তেল বিক্রী কৰি পৰিয়ালটিক ভৰণ-পোষণ দিয়াৰ লগতে ছয়গৰাকীকৈ ছোৱালীক পঢ়াই শুনাই বর্তমানলৈকে চাৰিগৰাকীক বিয়া দি উলিয়াই দিবলৈ সমৰ্থ হয় যদিও এইজন লোকৰ বৰ্তমানেও আন দুজনী জীয়ৰী বৰ্তমান ঘৰতেই থকাত পৰিস্থিতিৰ সৈতে মিলাব নোৱাৰি স্বাভাবিকতেই ভাগি পৰিছে ৷ কোনোমতে এসাজ খাই এসাজ লঘোণে কটাই জীৱন ৰক্ষা কৰি চলি থকা এইজন হকাৰ আৰু পত্নীৰ চিন্তাত পাৰ হয় দিন-ৰাতি ৷ বাকী থকা ছোৱালী দুজনীকো আন দুঘৰলৈ উলিয়াই দিব লাগে ৷ ইফালে আৰ্থিক অভাৱৰ ফলত খালী মোনা লৈ প্ৰায়ে ওভটে এইজন ভৱেন বর্মন ৷ মুঠতে বিভিন্ন অসুবিধাৰ মাজত স্তব্ধ জীৱন পৰিয়ালটিৰ ৷ এইজনা হকাৰ ভৱেন বর্মনে সাংবাদিকৰ আগত প্রকাশ কৰা মতে ১৯৮৫ চনৰ অসম আন্দোলনৰ সময়ত চলা বিভিন্ন আন্দোলনৰ কার্যসূচীৰ বাবে তেওঁ সংগঠনসমূহক বিনা পইচাই কেৰাচিন তেল যোগান ধৰিছিল ৷ সৰবৰহী এইজনা ভৱেন বর্মনক সকলোৱে আকৌ 'গিতেলী' বুলিহে জানে ৷ কাৰণ কেৰাচিন তেল বিক্রী কৰিবলৈ তেখেতে ঘৰৰ পৰা ওলাই যাব লাগিছিল পুৱতি নিশা প্ৰায় ৩ বজা মানতে ৷ ঘৰৰ পৰা যেতিয়া দূৰলৈ বিশেষকৈ সর্থেবাৰী, আমৃখোৱা, ব্যাসকুছি, ভৌকাটাপা, ৰাউলি আদি অঞ্চললৈ প্রায় ২৫/৩০ কিলোমিটাৰ ১৭০ৰ পৰা ২০০ লিটাৰ কেৰাচিন তেল বিক্রী কৰিবলৈ গৈছিল তেতিয়া যাওঁতে বাটে বাটে গীত গাই গৈছিল- "লিটাৰত ১২ টকা, গেলানে ৬০ টকা, লোৱাহে ভাইসকল ভৱেনৰ তেল'' ৷ তেওঁ এই গীত জুৰি পদূলিৰে় গ'লেই সকলোৱে গম পায় আৰু ঘৰৰ পৰা তেল নিবলৈ দৌৰি আহে ৷ কাৰণ সেই সময়ছোৱাত প্ৰতিঘৰৰ বাবেই তেলৰ আছিল অতি প্ৰয়োজন ৷ পঢ়াশুনাৰ লগতে ঘৰত আৱশ্যক হোৱা চাকি, লেম্প আদি ব্যৱহাৰ কৰিছিল প্ৰতিটো পৰিয়ালে ৷ তাৰ বাবেও অধিক কেৰাচিন তেলৰ প্ৰয়োজন হৈছিল পৰিয়ালবোৰক ৷ সেয়েহে যেন উক্ত অঞ্চলসমূহৰ লোক 'গিতেলী' মানে বৰ্মনৰ অপেক্ষাতহে আছিল ৷ কিন্তু সময়ৰ গতিত আজি সেইজন হকাৰ গিতেলী ভৱেন বৰ্মনে দূৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে ৷ চৰকাৰে কেৰাচিনৰ হকাৰসমূহৰ দ্বাৰা তেল বিক্ৰী কৰাতো বন্ধ কৰি দিছে ৷ কেবল সূলভ মূল্যৰ দোকানৰ মাধ্যমেৰেহে চৰকাৰে যোগান ধৰে এতিয়া কেৰাচিন ৷ গতিকে অন্য একো কামো কৰিব নোৱাৰে, চৰকাৰৰ তৰফৰ পৰাও একো সুবিধা পোৱা নাই বা নাপায় ৷ কি কৰিব কি নকৰিব ভাবি একো নাপাই দিকবিদীক হেৰুৱাইছে এইজনা কেৰাচিন তেলৰ এসময়ৰ সকলোৰে পৰিচিত হকাৰ ভৱেন বর্মনে ৷ অতীতত কেৰাচিন তেল যোগান ধৰি সকলোকে পোহৰাই তোলা এইজন হকাৰৰ ঘৰত আজি অন্ধকাৰ ৷ ৰজাঘৰে পুনৰ পোহৰাই তুলিবনে ভৱেন বৰ্মনৰ দৰে মানুহৰ ঘৰবোৰ, জীৱন-জীৱিকাৰ দায়িত্ব ল'বনে- এতিয়া সচেতন মহলত এয়া এক ডাঙৰ প্ৰশ্ন ৷৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা