শিৱসাগৰত ৰাষ্ট্ৰীয় পুষ্টি মাহৰ উদ্বোধনী অনুষ্ঠান

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ, ১১ ছেপ্টেম্বৰ: শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আজি জিলাখনত তৃতীয় বাৰ্ষিক পুষ্টি মাহৰ শুভ উদ্বোধন কৰে। 

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ক'ভিড-১৯ সংক্ৰান্তীয় সম্পূৰ্ণ স্বাস্থ্য বিধি পালন কৰি আয়োজন কৰা এই অনুষ্ঠানত উপায়ুক্ত গগৈয়ে প্ৰতিটো শিশুৱেই ভৱিষ্যতৰ শক্তিশালী মানৱ সম্পদ বুলি উল্লেখ কৰি কয় যে, শিশুসকলৰ বিকাশ আৰু সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পৰিপুষ্টি নিশ্চিত কৰিব লাগিব। তেওঁ সংশ্লিষ্ট সকলোকে ক'ভিড-১৯ ৰোগৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তথা ইয়াৰ সাম্ভাব্য গণ-সংক্ৰমণ ৰোধৰ স্বাৰ্থত চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা সমূহ পালন কৰি ৰাষ্ট্ৰীয় পুষ্টি মাহৰ কাৰ্যসূচী সুচাৰুভাৱে সম্পন্ন কৰি জনসাধাৰণৰ মাজত পুষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধিৰ আহ্বান জনায়। তেওঁ ৰাষ্ট্ৰীয় পুষ্টি মাহ উদযাপনৰ বিভিন্ন কাৰ্যসূচীয়ে শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় পুষ্টি যোগান সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক ব্যাপক ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত উপস্থিত থাকি যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই প্ৰসূতি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ অধিক হোৱাৰ মুখ্য কাৰক ৰক্তহীনতা তথা পুষ্টিহীনতা বুলি উল্লেখ কৰে। তেওঁ মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে ৰাইজক পুষ্টিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিবলৈ আহ্বান জনায়। সুষম আহাৰৰ বিষয়ে পৰিয়াল আৰু সমাজ সচেতন হোৱাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। 

আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্রৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰদীপ সন্দিকৈয়ে কৃষি বিজ্ঞান কেন্দ্রৰ দ্বাৰা ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে ৰূপায়ন কৰিবলগীয়া কাৰ্যসূচী সম্পৰ্কে এক চমু আভাস দাঙি ধৰে। তেওঁ অংগনৱাদী কেন্দ্র সমূহত পুষ্টিকৰ শাক-পাচলি উৎপাদন কৰাৰ বিষয়ে ৪০ গৰাকী অংগনৱাদী কৰ্মী-সহায়িকাক অহা ১৭ ছেপ্টেম্বৰ তাৰিখে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলিও উল্লেখ কৰে। 

জিলা সমাজ কল্যান বিষয়া দীপালি দেবীয়ে আজিৰ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে পালন কৰিবলগীয়া কাৰ্যসূচী সমূহৰ বিষয়ে এক চমু অৱলোকন দাঙি ধৰে। 

এই অনুষ্ঠানত সহযোগী বিভাগ সমূহৰ লগত ৰাষ্ট্ৰীয় পুষ্টি মাহ উদযাপনৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে এক সমকেন্দ্ৰিক সভা অনুষ্ঠিত হয়।

 শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট |

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা