জামুগুৰিহাটৰ প্ৰদীপ শইকীয়া আৰু জ্যোতি ভট্টাচাৰ্যলৈ কৃতি শিক্ষকৰ বঁটা

জামুগুৰিহাটৰ প্ৰদীপ শইকীয়া আৰু জ্যোতি ভট্টাচাৰ্যলৈ কৃতি শিক্ষকৰ বঁটা৷
#দল সংগঠণৰ অভিনন্দন৷

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,৫ ছেপ্তেম্বৰ : মহান দাৰ্শনিক পণ্ডিত তথা প্ৰথমগৰাকী উপ ৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ৫ ছেপ্তেম্বৰৰ জন্ম দিনটোত দেশজুৰি পালন কৰি অহা হৈছে শিক্ষক দিৱস৷শোণিতপুৰ জিলা প্ৰশাসনেও অবিভক্ত জিলাখনৰ প্ৰাৰ্থমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ জৰিয়তে সকলো শিক্ষক সংগঠনৰ সহযোগত এই দিৱস উদযাপন কৰি অহাৰ লগতে জিলাখনৰ কৃতি শিক্ষক শিক্ষয়ত্ৰীসকলকো সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে৷তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৫৯ সংখ্যক শিক্ষক দিৱস উদযাপন কাৰ্যসুচীত এইবেলি জামুগুৰিহাটৰ জামুগুৰি আদৰ্শ হাইস্কুলৰ বিজ্ঞান শিক্ষক(নিম্ন স্নাতক) প্ৰদীপ শইকীয়া আৰু কুসুমটোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জ্যোতি ভট্টাচাৰ্যই কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷জামুগুৰি আদৰ্শ হাইস্কুলৰ বিজ্ঞান শিক্ষক তথা কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত প্ৰদীপ শইকীয়াই ১৯৮৮ চনত বিজ্ঞান শিক্ষক হিচাপে শিক্ষকতাৰ বৃত্তিত জড়িত হৈ মানৱ সম্পদ সৃষ্টি কৰাত অহোপুৰুষাৰ্থ কৰাৰ লগতে শিক্ষকতাৰ সমান্তৰালকৈ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈও সমাজৰ কামকাজতো নিজকে জড়িত কৰি অৰিহণা আগবঢ়াই আহিছিল৷আনহাতে কুসুমটোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কৃতি শিক্ষকৰ বঁটা লাভ কৰা জ্যোতি ভট্টাচাৰ্যই ১৯৮৭ চনত নদুৱাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বামুণবাৰী প্ৰাথমিক বিদ্যালয়ত যোগদান কৰি ক্ৰমে ধোবাকটা প্ৰাথমিক বিদ্যালয়,নৰোৱাথান প্ৰাথমিক বিদ্যালয়,পাঁচগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰি বৰ্তমান কুসুমটোলা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে৷ছাত্ৰ অৱস্থাৰপৰাই সামাজিক কামকাজৰ লগত জড়িত ভট্টাচাৰ্য অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনতো নেতৃত্ব দিয়া ভট্টাচাৰ্য জামুগুৰি সাহিত্য সভাকে ধৰি বহু অনুস্থান প্ৰতিষ্ঠানৰ লগতো জড়িত৷দুয়োগৰাকী শিক্ষকে এইবেলি জিলা প্ৰশাসনৰ ফালৰপৰা কৃতি শিক্ষকৰ বঁটা লাভ কৰাত দুয়োগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে জামুগুৰিহাটৰ বিভিন্ন দল সংগঠণে৷উল্লেখ্য যে তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৃতি শিক্ষকৰ বঁটা অনুষ্ঠানত শৰাই,গামোছা,শোণিতপুৰ জিলা উপায়ুক্ত আৰু বিদ্যালয়সমুহৰ পৰিদৰ্শকৰ স্বাক্ষৰ সম্বলিত মানপত্ৰ আৰু সম্বৰ্দ্ধিত শিক্ষকৰ ইতিবৃত্ত সম্বলিত একোখনকৈ কিতাপেৰে দুয়োগৰাকী কৃতি শিক্ষককে সম্বৰ্ধনা জনাই শোণিতপুৰ জিলা শিক্ষক দিৱস উদযাপন সমিতিয়ে।
জোন বৰা,জামুগুৰিহাট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা