বিজেপি নেতা উৎপল বসুমতাৰীৰ অকাল মৃত্যুত শোক

ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা তথা অনুসূচিত জনজাতি মৰ্চা অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সদস্য উৎপল বসুমতাৰীৰ কালি অকালতে মৃত্যু হয়। উল্লেখ্য যে বিজেপি যুৱ মৰ্চাৰ ৰাণী মণ্ডল আৰু অনুসূচীত জনজাতি মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি সাংগঠনিক দিশত দক্ষতাৰ পৰিচয় দিছিল যুৱনেতাগৰাকীয়ে। তেঁওৰ মৃত্যুত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই শোক প্ৰকাশ কৰিছে। উল্লেখ্য যে বিশ্বত্ৰাসী মহামাৰী কোভিদ-১৯ ত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল উৎপল বসুমতাৰী।
নিউজ ডেস্ক, firstnewsreport

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা