চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত মন্ত্রী যোগেন মহনৰ সৈতে আলোচনাত মিলিত শিক্ষক সন্থা

*"চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত মন্ত্রী যোগেন মহনৰ সৈতে আলোচনাত মিলিত শিক্ষক সন্থা "*
 " *চলিত মাহৰ ভিতৰত সমাধানৰ আশ্বাস* "
 *শিৱসাগৰত ১০ চেপ্তেম্বৰত অনুষ্ঠিত হ'ব সন্থাৰ জৰুৰী সভা* 

 ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ৭ চেপ্তেম্বৰ :    শিৱসাগৰ জিলাৰ ১৫৩০ গৰাকী বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ লগতে ৰাজ্যৰ প্ৰায় বাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ বেতনবঞ্চিত শিক্ষকে দীর্ঘদীনিয়া সমস্যা সমাধান সন্দৰ্ভত আজি সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ নেতৃত্বই মন্ত্রী যোগেন মহনৰ সৈতে এক আলোচনাত. মিলিত হয় । আজি অনুষ্ঠিত হোৱা আলোচনাত মন্ত্রী গৰাকীয়ে চলিত মাহৰ ভিতৰত সমাধানৰ আশ্বাস প্রদান কৰে । মন্ত্রী গৰাকীৰ আশ্বাসত অকণো সন্তুষ্ট হোৱা নাই শিক্ষক সমাজ। যাৰ বাবে অতি সোনকালে বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে তেখেতলোকে নিৰ্বাচনৰ পূর্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবৰ বাবে সন্থাই দাবী জনাইছে । আজি অনুষ্ঠিত হোৱা আলোচনাত শিক্ষক সন্থাৰ কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁই,  উপদেষ্টা বুদ্ধেশ্বৰ গড়, নৃপেন গগৈ, হিতেশ্বৰ গগৈ, অতুল বৰুৱাকে প্ৰমুখ্যে কৰি কেইবাজনো সদস্য উপস্থিত আছিল বুলি সাধাৰণ সম্পাদক বসন্ত নেওগে জানিবলৈ দিয়ে । বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা শিক্ষকসকলৰ এই জ্বলন্ত সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও বৰ্তমানলৈকে সমাধান হোৱা দেখা নাই ।  যাৰ ফলত ৰাজ্যখনৰ এই শিক্ষক পৰিয়াল সমূহৰ এক হাহাকাৰ অবস্থাৰ সন্মুখীন হ'ব লগা হৈছে । বিগত বিধানসভা নির্বাচনৰ পূর্বে বিজেপি দল শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণৰ সোণালী সপোন দেখুৱাইছিল যদিও বৰ্তমানলৈকে সমাধান কৰাৰ পৰিৱর্তে কেৱলমাত্ৰ আশ্বাস প্রদান কৰি অহা কাৰ্যক সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে তীব্র ভাষাৰে সমালোচনা কৰিছে । চৰকাৰী চাকৰি থকাৰ সুবাদত চৰকাৰৰ কোনো ধৰণৰ আঁচনিয়ে ঢুকি নোপোৱা শিক্ষক সমাজে কেৱলমাত্ৰ আশ্বাস খাই জীৱাই থাকিব নোৱাৰে বুলি মত পোষণ কৰিছে শিক্ষক সন্থাৰ উপদেষ্টা বুদ্ধেশ্বৰ গড়ে । উল্লেখ্য যে শিৱসাগৰ জিলাৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকৰ সমস্যা সমাধানৰ বাবে বিগত কংগ্রেছ চৰকাৰৰ দিনৰে পৰা যৌথ সংগ্রামী মঞ্চই বাৰম্বাৰ দাবী জনাই আহিছে । চলিত চেপ্তেম্বৰ মাহৰ ভিতৰত সমস্যা সমাধানৰ বাবে ইতিমধ্যে যৌথ সংগ্রামী মঞ্চই শিৱসাগৰ জিলাৰ উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মা, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ক্ৰমে কুশল দুৱৰী আৰু প্ৰদীপ হাজৰিকাক স্মাৰক  পত্র প্রেৰণ কৰিছে । চেপ্তেম্বৰ মাহৰ ভিতৰত সমস্যা সমাধান নহলে যৌথ সংগ্রামী মঞ্চই অক্টোবৰ মাহৰ পৰা ধাৰাবাহিকভাৱে গণতান্ত্রিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰাৰ বিষয়ে ইতিমধ্যে  জানিবলৈ দিছে । উল্লেখ্য যে ৰাজ্যৰ শিক্ষামন্ত্রী তথা শিক্ষা বিভাগৰ মুৰব্বী বিষয়াই দীর্ঘদীনিয়া সমস্যাটো কেতিয়া আৰু কেনেধৰণে সমাধান কৰিব এই প্ৰশ্নৰ যথাযথ উত্তৰ দিব পৰা নাই ।তাৰ বিপৰীতে বেতন বঞ্চিত কেইগৰাকীমান শিক্ষকে বিভিন্ন সময়ত চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত সতীর্থ শিক্ষক সকলৰ মাজত বিভ্ৰান্তি আৰু অপপ্ৰচাৰ চলাই অহা কাৰ্যক সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই একেমুখে ধিক্কাৰ জনাইছে ।   বহু আশাৰে দীৰ্ঘদিন ধৰি বাট চাই থকা সতীর্থ শিক্ষক সকলক বিভ্রান্ত নকৰি চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত উপযুক্ত তথ্য আছে যদি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাকৈ প্ৰকাশ কৰিবৰ বাবে সন্থাই  আহ্বান জনাইছে। ৰাজ্যখনৰ প্ৰায় বাৰ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ আশা বুকুত বান্ধি আছে যদিও  অতি কম সংখ্যক শিক্ষকৰহে সমস্যা সমাধান হোৱাৰ আশংকা আছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে  এই সন্দৰ্ভত বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেইবাবাৰো উল্লেখ কৰিছিল । চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত এক বিশেষ আলোচনা কৰিবৰ বাবে অহা ইংৰাজী ১০ চেপ্তেম্বৰত পুৱা ১০ বজাত শিৱসাগৰ প্ৰাথমিক শিক্ষক ভৱনত এখন জৰুৰী সাধাৰণ সভা অনুষ্ঠিত হ'ব । উক্ত সভাত বেতন বঞ্চিত শিক্ষকসকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি কুশল বুঢ়াগোহাঁই , সাধাৰণ সম্পাদক বসন্ত নেওগে |

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা