জামুগুৰিহাটত কৃষি বিধেয়কৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

জামুগুৰিহাটত কৃষি বিধেয়কৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
বিধেয়ক দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে

ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২৫ ছেপ্টেম্বৰ:অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা চাউল, দাইল,আলু পিয়াজক বাহিৰ কৰা পিছতেই এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন সমূহ ৷কৃষক বিৰোধী এই বিধেয়কৰ বিৰুদ্ধে সদৌ জামুগুৰি ছাত্ৰ সন্থাইও প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে জামুগুৰিহাটত।জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষক সৱলীকৰণ আৰু সুৰক্ষা মূল্য নিৰ্ধাৰণ চুক্তি সমবায় সেৱা আইন ২০২০,কৃষকৰ বাণিজ্য আৰু ব্যৱসায় (উন্নয়ন আৰু বিকাশ) আইন ২০২০ আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) আইন ২০২০ ৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ সদস্য সকলে৷জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলত আজি ছাত্ৰ সন্থাৰ সদস্য সকলে সদনত গৃহীত হোৱা বিলৰ ঘোৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰে।প্ৰতিবাদকাৰীসকলে কৃষক বিৰোধী নীতি হাই হাই,বিজেপি চৰকাৰ হাই হাই,নৰেন্দ্ৰ মোদী হাই হাই আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে৷ইফালে বিজেপি চৰকাৰে যদি এই আইন প্ৰত্যাহাৰ নকৰে তেন্তে অনাগত দিনত ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে আছুৱে৷আজিৰ এই প্ৰতিবাদী কাৰ্যসুচীত সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ সভাপতি ধূৰ্জত গোস্বামী,উপ সভাপতি ভাৰত নাথ,সহ সাধাৰণ সম্পাদক ৰাতুল শইকীয়া,ৰিপন বৰা,সাংস্কৃতিক সম্পাদিকা বনস্মীতা দেৱী,মহকুমা ছাত্ৰ সন্থাৰ চম্পক বৰা আৰু ৰূপম নাথ,জিলা ছাত্ৰ সন্থাৰ লক্ষ্যজ্যোতি হাজৰিকা,কুসুমটোলা শাখা ছাত্ৰ সন্থাৰ সভাপতি প্ৰত্যুষ প্লাৱন নেঁওগ,ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মানসজ্যোতি শৰ্মাৰ লগতে মহাবিদ্যালয়খনৰ আছু গোটৰ সভাপতি হিমাংশু ৰঞ্জন হাজৰিকাকে ধৰি আছুৰ অন্যান্য বিষয়ববীয়াসকলেও  অংশগ্ৰহণ কৰে৷
জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা