জে.কে টায়াৰ্ছে Amazon.in-অত টায়াৰৰ প্ৰিমিয়াম ৰেঞ্জৰ সূচনা কৰে



ষ্টাফৰিপ'ৰ্টাৰ,,,১৪ ছেপ্টেম্বৰ।
ভাৰতীয় টায়াৰ উদ্যোগৰ শীৰ্ষস্থানীয় আৰু ৰেডিয়েল টায়াৰ প্ৰযুক্তিৰ বাটকটীয়া জে. কে টায়াৰ এণ্ড  ইণ্ডাষ্ট্রীজ লিমিটেডে শীৰ্ষস্থানৰ অনলাইন মাৰ্কেটপ্লেচ Amazon.in ৰ সৈতে সহযোগিতা কৰিছে। এই সহযোগিতাৰ লক্ষ্য হৈছে সম্পৰ্কহীন ক্ৰয়ৰ যুগত ক্রেতাসকলক উন্নতৰ বাবে সেৱা আগবঢ়োৱা। এই সহযোগিতা ১ আগষ্ট ২০২০ৰ পৰা আৰম্ভ হৈছে আৰু জেকে টায়াৰৰ গ্ৰাহক সকলক তেওঁলোকৰ ঘৰৰ আৰামৰ পৰাই প্ৰিমিয়াম টায়াৰৰ সমগ্ৰ ৰেঞ্জটো এক্সেছ কৰাৰ অনুমতি দিছে। এই সন্দৰ্ভত জে. কে টায়াৰ এণ্ড ইণ্ডাষ্ট্রীজৰ বিক্রী আৰু বিপণনৰ নির্দেশক শ্ৰীনিৱাস আল্লাপনে কয়"-জে.কে টায়াৰত আমি সদায়েই গ্ৰাহকৰ পচন্দৰ প্ৰতি মন দিওঁ। এমাজন ইণ্ডিয়াৰ সৈতে আমাৰ সহযোগিতা গ্ৰাহক সমূদায়ক এটা সুষম ক্ৰয় অভিজ্ঞতা প্ৰদান কৰাৰ লগতে একেসময়তে তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ঐক্যবদ্ধ প্ৰচেষ্টা। আমি আশাবাদী যে এই সহযোগিতাই জেকে টায়াৰৰ ব্ৰেণ্ড সম্পৰ্ক শক্তিশালী কৰি বজাৰ উপস্থিতি বৃদ্ধি কৰিব"। আনহাতে এই সন্দৰ্ভত এমাজন ইণ্ডিয়াৰ কেটেগ'ৰী মেনেজমেণ্টৰ অধ্যক্ষ শালিনী পাঞ্চালিনীয়ে কয়"-জেকে টায়াৰ এটা বিশ্বাসী ব্ৰেণ্ড যি গ্ৰাহক সকলক কেইবাদশক জুৰি উৎকৃষ্ট মানদণ্ডৰ টায়াৰৰ যোগান ধৰি আহিছে। আমি Amazon.in ৰ গ্ৰাহকৰ বাবে তেওঁলোকৰ প্ৰিমিয়াম ৰেঞ্জৰ টায়াৰ আগবঢ়াবলৈ পাই উৎফুল্লিত হৈছোঁ"।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা