বেলশৰত লোক-শিল্পী, সমাজসেৱিকা চাৰুবালা দেৱী সোঁৱৰণী গ্ৰন্থ 'চাৰুকান্তি' উন্মোচন
“ আমি অতিইন্দ্ৰিয় আইৰ সন্তান ৷ আমি যি দৰে শক্তিৰ আৰাধ্যা দেৱী বিগ্ৰহক পূজা কৰো সেই দৰে কিতাপকো পূজা কৰো ৷ এয়া আমাৰ সংস্কৃতি ৷ অন্য সংস্কৃতিত এই দুটা একে লগে দেখা নাপাও ৷ সেই বাবে আমাৰ সংস্কৃতি বিনন্দীয়া ৷” -- এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ । নলবাৰী জিলাৰ বেলশৰত আজি প্ৰয়াত লোক-শিল্পী, সমাজসেৱিকা, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ এসময়ৰ নিয়মীয়া গায়িকা, ধৰ্মপ্ৰাণা চাৰুবালা দেৱী সোঁৱৰণী গ্ৰন্থ 'চাৰুকান্তি' আনুষ্ঠানিকভাৱে উন্মোচন কৰি নিজৰ উন্মোচনী ভাষণ প্ৰসংগত এনেদৰে কয় বিশিষ্ট নাট্যকাৰ, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ৷ এই উপলক্ষে দেওবাৰে বেলশৰৰ বৰভিঠাত নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দীপজ্যোতি বৰপূজাৰীৰ পৌৰহিত্বত সম্পন্ন হোৱা সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে নৱজ্যোতি মিশ্ৰই । সভাত 'চাৰুকান্তি'ৰ সম্পাদকদ্বয় নৱজ্যোতি মিশ্ৰ, দ্বীপেন মেনা, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজেন বৈশ্য, সহযোগী সম্পাদক জোন কুমাৰ হালৈ, বুবুল কুমাৰ শৰ্মা, সাগঠনিক সম্পাদক অতুল ভূঞা, সাংবাদিক ৰূপ কুমাৰ শৰ্মা প্ৰমুখ্যে কেবাগৰাকী অতিথি উপস্থিত থাকে । সভাৰ আৰম্ভণিতে প্ৰয়াত চাৰুবালা দেৱীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন কৰে প্ৰয়াত চাৰুবালা দেৱীৰ বৰপুত্ৰ অক্ষয় কুমাৰ মিশ্ৰই ৷ স্মৰ্তব্য যে যোৱা ২৫ আগষ্টৰ আবেলি বিশিষ্টা নামতি, লোক-শিল্পী, সমাজসেৱিকা দেৱীৰ বাৰ্ধক্যজনিত কাৰণত দেহাৱসান হৈছিল । শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰৰ মাতৃ তথা ঐতিহাসিক শৈৱপীঠখনত পৰম্পৰাগত ভাবে পালন কৰা "বৰাতৰ নাম" লোক-উৎসৱত দেৱীয়ে দীৰ্ঘকালজুৰি 'সাধু' কৈ সকলোকে মন্ত্ৰমুগ্ধ কৰিছিল ।
টিহুৰ পৰা কৰবী গোস্বামী
Comments
Post a Comment