নগাঁৱত ছয়দিনে সন্ধান নাই যুুুুৱকৰ≈≈গভীৰ দুুঃশ্চিন্তাত পৰিয়ালবৰ্গ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ দাঁতি কাষৰীয়া জামুগুৰি নিবাসী আব্দুল মান্নান নামৰ লোকজনৰ পুত্ৰ আবুল বাসাৰ(৩০) ছয়দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই স্থানীয় অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, তিনি কন্যা সন্তানৰ পিতৃ আবুল বাসাৰ যোৱা ১৯ ছেপ্টেম্বৰৰ দিনা পুৱাৰ ভাগত পথাৰত ঘাঁহ কাটিবলৈ যোৱাৰ পিছৰে পৰা আশ্চৰ্যজনকভাবে সন্ধানহীন হৈ পৰে ৷ যুৱকজন এনেদৰে হঠাতে নিখোজ হৈ পৰাত ঘৰত হুৱাদুৱা লাগে আৰু পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খুচাৰ কৰিও কোনো শুংসূত্ৰ নোপোৱাত পৰিয়ালৰ লোকসকল এতিয়া মানসিকভাবে ভাগি পৰিছে ৷ পাঁচ ফুট দুই ইঞ্চি উচ্চতাৰ যুৱকজনে নিৰুদ্দেশ হোৱাৰ সময়ত ক’লা ৰঙৰ টি-চাৰ্ট আৰু লুঙি পৰিধান কৰি আছিল ৷ কোনো সদাশয় লোকে যুৱকজনৰ যদি কোনো সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৬০০০২-৩৪২৫১ আৰু ৬০০০২-৭৬৬৯৪ নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালৰ লোকে অনুৰুধ জনাইছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা