অনুশাসন ভংগৰ অপৰাধত ছাত্ৰ সন্থাৰ পৰা বহিস্কাৰ তিনি ছাত্ৰ নেতা

প্ৰতিবেদক, ৰঙিয়া , ২৭ ছেপ্টেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ অনুশাসন ভংগ কৰি সন্থাৰ নীতি নিয়ম অমান্য কৰাৰ অভিযোগত ৰঙিয়া মহকুমা ছাত্র সন্থাই তিনি জন ছাত্ৰ নেতাক তৎকালে বলবৎ হোৱাকৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হয়। মহকুমা ছাত্ৰ সন্থাই সন্থাৰ পৰা বহিস্কাৰ কৰা ছাত্ৰ নেতা তিনিজন হ'ল ক্ৰমে ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক মৃণাল শৰ্মা, ডিমু আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি জন শৰ্মাৰ লগতে আঞ্চলিকৰ সদস্য জ্যোতিৰ্ময় কুমাৰ। এতিয়াৰ পৰা এই তিনিগৰাকী ছাত্ৰ নেতাৰ সৈতে  সদৌ অসম ছাত্ৰ সন্থা সম্পৰ্কীয় কোনো ধৰণৰ কাম কাজত যোগাযোগ ৰক্ষা নকৰিবলৈ সকলো পক্ষক ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনোৱা হয়। আজি অনুষ্ঠিত সদৌ ৰঙিয়া মহকুমা ছাত্র সন্থাৰ এক জৰুৰী সভাত এই  সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সোনজ্যোতি বৰুৱা আৰু সাাধাৰণ সম্পাদক ভৱজ্যােতি ডেকাই এক বিজ্ঞপ্তিত জানিবলৈ দিয়ে । উল্লেখ্য যোৱা ১৩ জুলাইত ডিমু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জন শৰ্মাক ডিমু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাই সভাপতি পদৰ পৰা অব্যাহতি দি ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দিপু হীৰাক দ্বায়িত্বভাৰ অৰ্পণ কৰিছিল।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা