কাকচা‌ং জলপ্ৰপাতত গোলাঘাটৰ এজন প্ৰতিভাসম্পন্ন খেলুৱৈৰ মৃত্যু

 কালি সন্ধিয়া এক দু : খবৰে শোকস্তব্ধ কৰিলে গোলাঘাটবাসীক। বিভাকৰ নাগ নামৰ এই প্ৰচুৰ সম্ভাৱনাময় খেলুৱৈ জনৰ আকস্মিক বিয়োগে হঠাৎ যেন শোকৰ বন্যা বোৱালে গোলাঘাটৰ ক্ৰীড়াপ্ৰেমীৰ মাজত। গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ নিয়মীয়া ক্ৰিকেট খেলুৱৈ জনে ২০১৯-২০ বৰ্ষত  অসম দলক প্ৰতিনিধিত্ব কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে এক উজ্জ্বল ভৱিষ্যতৰ স্বাক্ষৰ বহন কৰিছিল। মাত্ৰ ২০ বছৰ বসয়ীয়া বিভাকৰে ৰাইট আৰ্ম মিডিয়াম ফাষ্ট বলাৰ আছিল আৰু অসম দলৰ হৈ অংশগ্ৰহণ কৰোতে মুঠ ২০ উইকেট লবলৈ সক্ষম হৈছিল। জানিব পৰা মতে,পানীত পৰি নিখোজ হৈ থকা বিভাকৰ কালি পুৱা ৫ জন বন্ধুৰ লগত বোকাখাতৰ কাকচা‌ং জলপ্ৰপাত চাবলৈ গৈছিল আৰু গা ধুবলৈ বুলি পানীত নামোতে হঠাৎ অহা পানীৰ ঢলে এই উদীয়মান খেলুৱৈ জনৰ লগতে অন্য এজন বন্ধুকো উটুৱাই লৈ যায়। এন ডি আৰ এফ বাহিনীয়ে চলোৱা উদ্ধাৰ অভিযানত আজি পুৱাৰ ভাগত দুয়োজনকে  মৃত অৱস্থাত উদ্ধাৰ কৰে  । উল্লেখ্য যে, বিভাকৰৰ পিতৃ হাবোল নাগো  এজন সুদক্ষ  ফুটবল খেলুৱৈ আছিল। হাবোল নাগৰ দুটি সন্তানৰ একমাত্ৰ পুত্ৰ  বিভাকৰৰ এনে আকস্মিক মৃত্যুত গোলাঘাট জিলা ক্ৰীড়া গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা