নলবাৰীৰ চামতাত অভিৰুচি ক্ৰীড়া দিৱস পালন
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ পশ্চিম চামতাতো বৃহস্পতি বাৰে উদযাপন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস । ২৪ নং দক্ষিণ মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি তিনি গৰাকী ক্ৰীড়া সংগঠক, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ আৰু শিক্ষাবিদক সম্বৰ্দ্ধনা জনোৱা হয় । সমাজকৰ্মী পুলক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানৰ আত ধৰে ২৪ নং দক্ষিণ মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়তৰ সভাপতি দিনেশ ঠাকুৰীয়াই । অনুষ্ঠানত পশ্চিম চামতাৰ সু-সন্তান ক্ৰীড়া সংগঠক তথা চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সম্পাদক যতীন শৰ্মা, প্ৰাক্তন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ভলিবল খেলুৱৈ দিলীপ শৰ্মা আৰু আগন্তুক শিক্ষক দিৱসত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাৰ বাবে মনোনীত হোৱা পশ্চিম চামতা হাইস্কুলৰ প্ৰধান শিক্ষক ভগবান বৰ্মনক ফুলাম গামোচা, জাপি, শৰাই আৰু অভিনন্দন পত্ৰৰে সম্বৰ্দ্ধনা জনাই । উল্লেখ্য যে ২৪ নং দক্ষিণ মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়ত খনত সভাপতি, কাউঞ্চিলৰ আৰু দুগৰাকী সদস্যাকে ধৰি চাৰি গৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ আছে ।
টিহুৰ পৰা কৰবী গোস্বামী
Comments
Post a Comment