এতিয়া হিন্দু ধৰ্মাৱলম্বীলোকৰ বিভিন্ন পূজা-অৰ্চনাৰ বতৰ≈≈কৰ’নাতংকৰ বাবেই নাই মৃৎ ভাস্কৰ্য শিল্পীৰ মাজত ব্যস্ততা

এতিয়া হিন্দু ধৰ্মাৱলম্বীলোকৰ বিভিন্ন পূজা-অৰ্চনাৰ বতৰ≈≈কৰ’নাতংকৰ বাবেই নাই মৃৎ ভাস্কৰ্য শিল্পীৰ মাজত ব্যস্ততা #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ ছেপ্টেম্বৰঃ দেহ-মন উজ্বলাই তোলা শৰতৰ উপস্থিতিৰে ধৰাৰ পৰিবেশ মোহনীয় কৰি ৰখাৰ এই সময়খিনি যেন সকলোৰে বাবে বহু আকাংক্ষিত ৰং-ৰহইচৰ বতৰ ৷ কাৰণ এতিয়া আৰম্ভ হৈছে পূজাৰ বতৰ ৷ ঘাইকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আধ্যাত্মিক তথা পবিত্ৰতাৰে ভৰা বিভিন্ন প্ৰকাৰৰ পূজা-পাৰ্বণৰ বতৰ ৷ প্ৰকৃততে বিগত পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তি তিথিৰ দিনটোতে প্ৰান্তে প্ৰান্তে উদযাপিত হৈ যোৱা বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ দ্বাৰাই আনুষ্ঠানিকভাবে শুভাৰম্ভ  ঘটে পূজাৰ বতৰ ৷ উল্লেখ্য, বছৰটোৰ ভাদ মাহৰ মাহজুৰি চলা নাম-কীৰ্তনৰ অন্তত সংক্ৰান্তি তিথিত পালিত বিশ্বকৰ্মা পূজাৰ পৰাই সাধাৰণতে হিন্দু ধৰ্মীয় পূজাসমূহৰ আৰম্ভনি হৈ পৰ্যায়ক্ৰমে পৰম্পৰাগতভাবে "দূৰ্গা পূজা","লক্ষ্মী পূজা","কালী পূজা","কাৰ্তিক পূজা","মনসা পূজা","ছট পূজা","গোৱৰ্দ্ধন পূজা","জগদ্ধাত্ৰী পূজা","শিৱ পূজা"কে আদি কৰি চ’ত মাহৰ "গংগা পূজা"লৈকে এটাৰ পিছত এটাকৈ নিৰৱচ্ছিন্নকৈ চলি থাকে বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনা ৷ ইফালে, হিন্দুসকলে পৰম ভক্তিৰে অনুষ্ঠিত কৰা এই পূজা-পাৰ্বণত প্ৰয়োজন হয় আৰাধনাৰ বাবে দেৱ-দেৱীৰ মৃন্ময় মূৰ্তিৰ ৷ গতিকে ভক্তসকলৰ পূজা-অৰ্চনাৰ প্ৰস্তুতিৰ সমান্তৰালকৈ খুব ব্যস্ততা বাঢ়িছে মৃৎ ভাস্কৰ্য শিল্পীসকলৰ ৷ এই শিল্পীসকল দিনে-নিশাই ব্যস্ত হৈ পৰে মাটিৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা দেৱ-দেৱীৰ মূৰ্তিত যেন প্ৰাণ দিবলৈ ৷ তদ্ৰুপ এইবাৰো উৎসৱৰ বতৰা লৈ প্ৰকৃতিৰ মনোমোহা ৰূপে ধৰাতল উজ্বলাই তুলিলেও পূৰ্বৰ দৰে ৰাইজৰ মাজত নাই আনন্দ-উল্লাস ৷ শাৰদীয় ৰাণীক আদৰিবলৈ নাই আগ্ৰহ ৷ নাই পূজা-অৰ্চনাৰ বহুল প্ৰস্তুতি ৷ ইয়াৰ বিপৰীতে এইবাৰ উৎসৱৰ বতৰত মহামাৰী কৰ’নাৰ বিভীষিকাই সকলোকে কৰি ৰাখিছে ত্ৰাসিত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো এইবাৰ নাই কোনো উৎসৱ কেন্দ্ৰীক ব্যস্ততা ৷ আনকি সমাগত শাৰদীয় দুৰ্গোৎসৱৰ বাবেও নাই কোনো তৎপৰতা ৷ নাই মহা আয়োজন ৷ ইয়াৰ সমান্তৰালকৈ ব্যস্ততা নাই প্ৰতিমা নিৰ্মাণকাৰী মৃৎ ভাস্কৰ্য শিল্পীসকলৰ ৷ অৱশ্যে কোনো কোনোয়ে আংশিকভাবে দেৱ-দেৱীৰ মূৰ্তিৰ লগতে পূজাৰ অন্যতম প্ৰয়োনীয় সামগ্ৰী মাটিৰ চাকি আদি নিৰ্মানত নামি পৰিছে যদিও কৰ’না সৃষ্ট আতংকময় পৰিস্থিতিৰ বাবেই হতাশাৰ তেওঁলোকৰ মাজত চাপহে দেখিবলৈ পোৱা গৈছে ৷ তথাপিও সকলোৰে আশা অতি সোনকালেই এনে জটিল পৰিস্থিতিৰ অৱসান ঘটি ভাল দিন আহিব আৰু সকলোৰে মুখত হাঁহি বিৰিঙিব ৷ 
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা