উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত ১৪ কোটি টকাৰ অবৈধ চিগাৰেট জব্দ কৰাত অসম ৰাইফলছৰ সফলতাক প্ৰশংসা ফিকিCASCADE



ষ্টাফৰিপ'ৰ্টাৰ,,, ৬ ছেপ্টেম্বৰ
চোৰাং আৰু অবৈধ বেহাই পেলোৱা প্ৰভাৱ সন্দৰ্ভত সজাগতা সৃষ্টি কৰি অহা প্লেটফৰ্ম ফিকিৰ কমিটি এগেইনষ্ট  স্মাগলিং এণ্ড কাউণ্টাৰফিটিং এক্টিভিটিছ ডেষ্ট্ৰইং দ্য ইক'নমি এ অসম ৰাইফলছৰ সঞ্চাল প্ৰধান আৰু বিষয়া সকলক চোৰাং বিৰোধী কাম কাজত তেওঁলোকৰ মূল্যবান অৱদানৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। বিগত দুটা মাহত অসম ৰাইফলছৰ বিষয়া সকলে অবৈধ সামগ্রী যেনে ড্ৰাগছ, চুপাৰিকে ধৰি ১৪ কোটি টকাৰ চোৰাং চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে। অসম ৰাইফলছৰ বিষয়া সকলৰ এনে সাহসিকতাৰ প্ৰশংসা কৰি ফিকি CASCADE' ৰ অধ্যক্ষ অনিল ৰজপুটে কয়-"চিগাৰেটৰ অবৈধ চোৰাং বেহা আমাৰ দেশৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে, যিয়ে কৰ ফাঁকিৰ সুযোগ সৃষ্টি কৰি আমাৰ চৰকাৰৰ ৰাজকোষৰ ভঁৰালৰ বিৰূপ প্ৰভাৱ পেলায়। সামগ্ৰীৰ চোৰাং বেহা ৰোধৰ বাবে অসম ৰাইফলছৰ সক্ৰিয় সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণে এনে চোৰাং বেহাৰে জড়িত সকলৰ মাজত আতংকৰ সৃষ্টি কৰিব"। বিশেষজ্ঞ সকলৰ মতে, কভিড ১৯ ৰ ফলত সৃষ্টি হোৱা অৰ্থনীতিক সংকটৰ বাবে শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত সামগ্রীৰ চোৰাং সৰবৰাহ বৃদ্ধি পাইছে। এনে সমস্যাৰ প্ৰতি সজাগতাৰ সৃষ্টিৰ  বাবে ফিকিয়ে CASCADE এ ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰ আৰু এনফৰ্চমেণ্ট এজেন্সি সমূহেৰে  আলোচনা অব্যাহত ৰাখিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা