অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী

অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী।*

সদৌ অসম চাহ মজদূৰ সংঘৰ নাহৰকটীয়া শাখা সমিতিৰ উদ্যোগত আজি নাহৰকটীয়া সমষ্টিটোৰ চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰী সকলে দৈনিক মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

নাহৰকটীয়া চাহ মজদূৰ সংঘৰ শাখা কাৰ্যালয় সন্মুখত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত বাগিচাৰ শ্ৰমিক সকলে হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে ২০১৬ চনতে শ্ৰমিক সকলৰ দৈনিক মজুৰি বিষয়টো হস্তক্ষেপ কৰি ৰাজ্যৰ শ্ৰমমন্ত্ৰী গৰাকীক অধ্যক্ষ ৰূপে লৈ নিম্নতম মজুৰি নিৰ্ধাৰণ সমিতি গঠন কৰা হৈছিল যদিও আজি পৰ্যন্ত শ্ৰমিকৰ দৈনিক মজুৰি বিষয়টো অৱহেলিত হৈ ৰল।

যাৰ পৰিপ্ৰেক্ষিতত আজি চাহ মজদূৰ সংঘৰ শাখা কাৰ্যালয় সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

ধৰ্ণা কাৰ্যসূচীৰ অন্তত শ্ৰমিক সকলে দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিকে ধৰি শ্ৰমিক সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীসম্বলিত এক স্মাৰক পত্ৰ ৰাজ্য চৰকাৰলৈ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি প্ৰেৰণ কৰে।

নাহৰকটীয়াৰ পৰা গগন হাজৰীকাৰ প্ৰতিবেদন ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা