পূব নলবাৰী উন্নয়ন খণ্ডৰ ১নং খাতা গাঁও পঞ্চায়তত আধাৰ কাৰ্ড প্ৰত্যাশীৰ ভিৰ

পূব নলবাৰী উন্নয়ন খণ্ডৰ ১নং খাতা গাঁও পঞ্চায়তত আধাৰ কাৰ্ড প্ৰত্যাশীৰ ভিৰ

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১১ ছেপ্তেম্বৰ*

নলবাৰী জিলাৰ অন্তৰ্গত পূব নলবাৰী উন্নয়ন খণ্ডৰ ১নং খাতা গাঁও পঞ্চায়তত ২০১৮ চনৰ পৰাই আধাৰ কাৰ্ডৰ কাম চলি আহিছে । বৰ্তমান সময়ত আধাৰ কাৰ্ড বনাবলৈ ৰাইজৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে । পুৱা ৭ বজাৰ পৰাই মানুহে শাৰী পাতি অপেক্ষাত থাকে । পুৱা ৯ বজাত পুনৰীক্ষণ হোৱাৰ পিছত পুনৰ যাবতীয় কাম-কাজৰ বাবে শাৰী পাতিবলগীয়া হয় । দিনটোত ৪০-৫০ খন আধাৰৰ কামহে কৰিব পাৰি । কিন্তু ইয়াৰ বাবে ডেৰ শতাধিক মানুহে আশা পালি ৰৈ থাকে । ৰাইজৰ সুবিধাৰ বাবে অৱশ্যে দিনে-ৰাতিয়ে দায়িত্বত থকা ব্যাক্তিসকলে যথেষ্ট কষ্ট কৰি থকা দেখা গৈছে । তথাপিও ৰাইজৰ আশা পূৰণ কৰাত এওঁলোক ব্যৰ্থ হৈছে । কিয়নো ৰাইজৰ বাবে যেন এতিয়া আধাৰ কাৰ্ডখনহে মুখ্য, থাউকতে কৰিব ল'ব পৰা হ'লে, মুঠতে সোনকালে লাগে ।  প্ৰধানমন্ত্ৰী আৱাস যোজনা আচঁনিখন ৰূপায়নৰ বাবে অতিৰিক্ত তালিকা প্ৰকাশ পোৱাৰ পিছত ৰাজ্যৰ আন পঞ্চায়তৰ দৰে নলবাৰী জিলাৰ পঞ্চায়তসমূহতো চলিছে ব্যাপক প্ৰস্তুতি । বিশেষকৈ হিতাধিকাৰী পৰিয়ালৰ ১৫ বছৰৰ উৰ্ধৰ লোকৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক হৈ পৰাত বিগত আঢ়ৈ বছৰে আধাৰ কাৰ্ডখন বনাবলৈ গুৰুত্ব নিদিয়াসকলে এতিয়া কেন্দ্ৰটোত ভিৰ কৰা দেখা গৈছে । দায়িত্বত থকা সকলে নিয়ম-নীতিৰ মাজেৰে কামখিনি কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হয় । কিন্তু সেইখিনি সময়ো ৰাইজে ধৈৰ্য ধৰি থাকিব নোৱাৰা হৈছে । বাৰে বাৰে মাস্ক পিন্ধি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনাই থকাৰ পিছতো ৰাইজে মানিব খোজা নাই এই নিয়ম । আধাৰ কাৰ্ডখন সময়ত হৈ নুঠিলে ঘৰ পোৱাৰ সুবিধাটো হেৰাই যোৱাৰ ভয়তে ৰাইজৰ যুদ্ধংদেহি প্ৰস্তুতি । অৱশ্যে ইয়াৰ সুবিধা লৈ এচাম অসাধু ব্যক্তিয়ে বিভিন্ন পঞ্চায়তৰ কেন্দ্ৰসমূহত টকা ঘটাৰ মেচিন ৰূপে গণ্য কৰাৰ কথা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে যদিও ১ংখাতা গাঁও পঞ্চায়তৰ কেন্দ্ৰটোৱে ইয়াৰ সম্পূৰ্ণ ব্যাতিক্ৰমত কাম কৰি আছে । ৰাইজক যিমান খিনি পাৰি সহায়ৰ হাত আগবঢ়াই গৈ আছে । ইয়াৰ বাবে এটকাও আজিলৈ হাত পাতি লোৱা নাই । যাৰ বাবে কেন্দ্ৰটো চাৰিওফালৰ পৰা সমাদৃত হৈছে । কেন্দ্ৰটোত থকা আটায়ে ক'ভিড-১৯ৰ সকলো নিয়ম নীতি মানি চলিয়েই কাম-কাজ কৰি থকা পৰিলক্ষিত হৈছে ।

নলবাৰীৰ পৰা ৰূপক বৈশ্যৰ ৰিপোৰ্ট, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা