একল অভিযান নগাঁও অঞ্চলৰ আচাৰ্য-আচাৰ্য্যাৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

একল অভিযান নগাঁও অঞ্চলৰ আচাৰ্য-আচাৰ্য্যাৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ ছেপ্টেম্বৰঃ একল অভিযান নগাঁও অঞ্চলৰ ১০ গৰাকী শ্ৰেষ্ঠ আচাৰ্য্যা সকলক দেওঁবাৰে নগাঁওস্থিত শ্ৰী গোপাল গো-শালাত সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ স্বাগতম ভাষণ প্ৰদান কৰে নগাঁও অঞ্চলৰ অধ্যক্ষ ৰাধা ৰমণ খটোৱালাই । নগাঁও অঞ্চলৰ ২০১৯-২০২০ বৰ্ষত হৈ যোৱা কাৰ্যক্ৰমৰ প্ৰতিবেদন পাঠ কৰে অঞ্চলৰ সম্পাদক ললিত কুমাৰ কুঠাৰীয়ে। কাৰ্যসূচীত মূখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি শিক্ষকৰ দ্বায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বক্তব্য ৰাখে নগাঁও মাৰোৱাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চটেলাল গুপ্তাই। লংকা সঞ্চৰ সভাপতি দেৱব্ৰত বৰা, শ্ৰী হৰি সৎসংগ সমিতিৰ সভাপতি বিজয় কুমাৰ মংলোনীয়াই ভাষন প্ৰদান কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত একল অভিযানৰ নগাওঁ অঞ্চলৰ সকলো কাৰ্যকৰ্তা, ১০ গৰাকী আচাৰ্য আচাৰ্য্যাক লগতে ভাগ কেন্দ্ৰৰ বাবে নিৰ্বাচিত কৰা ১০ গৰাকী আৰু ২গৰাকী চেপ্টাৰৰ বাবে নিৰ্বাচিত কৰা আচাৰ্য আচাৰ্য্যাক প্ৰশস্তি পত্ৰ, গামোচা, মাস্ক আৰু বস্ত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। নগাওঁ জিলাৰ কেইবাজনো বিশিষ্ট ব্যক্তি, অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ বিষয় ববীয়া আৰু একল অভিযানৰ নগাঁও অঞ্চল সমিতিৰ কাৰ্যকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যসূচীৰ সামৰণিত পূৰ্ণতা মন্ত্ৰ আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা