নগাঁৱত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জিলা প্ৰশাসনৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যতে অব্যাহত থকা কৰ'না মহামাৰীৰ ভয়াবহতা আৰু ইয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা দণ্ডাধীশে এক আদেশ যোগে আগন্তুক শাৰদীয় দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰিছে । এই অনুসৰি পূজা মণ্ডপৰ আশে-পাশে কোনো ধৰণৰ মেলা আদি অনুষ্ঠিত কৰিব নোৱাৰিব লগতে পথৰ ওপৰত কোনোধৰণৰ অস্থায়ী পেণ্ডেল নিৰ্মাণ কৰিব নোৱাৰিব। পূজা মণ্ডপ সমূহত  একে সময়তে আয়োজক কমিটি আৰু পূজাৰী সহিতে ৩০ জনতকৈ অধিক ব্যক্তি সমবেত হব নোৱাৰিব আৰু পূজা মণ্ডপ সমূহত সামাজিক দূৰত্ব মানি চলি ২০ গৰাকীতকৈ অধিক ভক্ত একেলগে সমবেত হব নোৱাৰিব । সকলো ভক্তই পূজা মণ্ডপ সমূহত মুখত মাস্ক পৰিধান কৰি আৰু হাত ধুইহে প্ৰৱেশ কৰিব পাৰিব ৷ এই ক্ষেত্ৰত আয়োজক কমিটি সমূহে হাত ধুৱাৰ সু-ব্যৱস্থা কৰিব লাগিব । ইফালে, কোনেও দেৱী বিসৰ্জনৰ ক্ষেত্ৰত কোনো ধৰণৰ সমদল কৰিব নোৱাৰিব ৷ মাত্ৰ ৫ গৰাকী ব্যক্তিকহে বিসৰ্জন পৰ্বত যোগদানৰ অনুমতি প্ৰদান কৰা হব। সকলো ভক্তৰ বাবে পূজা মণ্ডপ সমূহত আয়োজক কমিটিয়ে থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা কৰিব লাগিব ৷ এই ক্ষেত্ৰত কোনো ব্যক্তিৰ কৰণা সংক্ৰান্তীয় কোনো লক্ষণ দেখা পালে পূজা মণ্ডপত প্ৰৱেশ কৰিব দিব নোৱাৰিব আৰু তেনে ব্যক্তিক ততালিকে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত জনাব লাগিব। তদুপৰি জনসমাগম হ্ৰাস কৰিবৰ বাবে প্ৰয়োজন সাপেক্ষে বিসৰ্জন পৰ্ব ভাগ ভাগকৈ ৩ দিন পৰ্যন্ত চলিব বুলি জানিবলৈ দিছে ৷

Comments