নলবাৰীৰ জ্যোতিষ ব্ৰহ্মৰ জণ্ডিচ ৰোগৰ চিকিৎসাত বহুজনে আৰোগ্য লাভৰ বাতৰিয়ে দূৰ-দূৰণিৰ পৰা অহা ৰোগীয়ে ভিৰ কৰিছেহি তেওঁৰ চোতাল

*নলবাৰীৰ জ্যোতিষ ব্ৰহ্মৰ জণ্ডিচ ৰোগৰ চিকিৎসাত বহুজনে আৰোগ্য লাভৰ বাতৰিয়ে দূৰ-দূৰণিৰ পৰা অহা ৰোগীয়ে ভিৰ কৰিছেহি তেওঁৰ চোতাল*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৯ ছেপ্তেম্বৰ*

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যায়ো যেন বেজ-বেজালিক কাবু কৰিব পৰা নাই । ১৯৯৬ চনৰ পৰা নলবাৰীৰ বনভাগ খাতিকুছিত জণ্ডিচ ৰোগৰ চিকিৎসা কৰি আছে জ্যোতিষ ব্ৰহ্মই । পুৱা ৪ বজাৰ পৰা তেওঁৰ ঘৰত ৰোগীৰ ভিৰ । সদায় তেওঁ প্ৰায় ১০০ৰ পৰা ১৫০ জন ৰোগীক অকলেই চিকিৎসা প্ৰদান কৰি আহিছে । যিয়ে এবাৰ ব্ৰহ্মৰ ঔষধ খাইছে তেওঁ আৰু দ্বিতীয়বাৰলৈ জণ্ডিচৰ চিকিৎসা কৰিবলগীয়া হোৱা নাই । কুপন দি ৰোগীসকলক ক্ৰমিক নম্বৰ অনুযায়ী এটাৰ পিছত এটা ৰোগীৰ চিকিৎসা কৰি যায় তেওঁ । কচুপাত, মিঠাতেল, দুবৰি বনৰে তেওঁৰ চিকিৎসা পদ্ধতি । জৰা-ফুকাৰ অন্তত যিসকল ৰোগীৰ জণ্ডিচ ধৰা পৰিছে তেওঁকহে নূন্যতম মাননী লৈ ঔষধ প্ৰদান কৰি কিদৰে ঔষধ খাব লাগে তাক ভালদৰে বুজাই দি আকৌ ২ দিন পিছত পুনৰীক্ষণ কৰাৰ পৰামৰ্শ দিছে । এই চিকিৎসাৰ জড়িয়তে ইতিমধ্যে বহুলোক আৰোগ্য হোৱা বুলি জানিব পৰা গৈছে যাৰ ফলত নিতৌ ব্ৰহ্মৰ চোতালত দূৰ-দূৰণিৰ পৰা অহা ৰোগীৰ ভিৰ প্ৰত্যক্ষ কৰিব পাৰি । গৰমৰ দিনত জণ্ডিচ ৰোগীৰ সংখ্যা যথেষ্ট হয় বুলি ব্ৰহ্ম প্ৰতিবেদকক জানিবলৈ দিয়ে । এতিয়া ৰোগীসকলৰ জণ্ডিচ হোৱা অনুমান হ'লেই ডাক্টৰৰ ওচৰলৈ নগৈ জ্যোতিষ ব্ৰক্ষ্মৰ কাষলৈ অহা কৰিছে । নম্ৰ, ভদ্ৰ, শান্ত স্বভাৱৰ ব্ৰক্ষ্মৰ ওচৰ পালেই জণ্ডিচৰ পৰা ৰক্ষা পাব পাৰি বুলি মানুহৰ মনত গভীৰ বিশ্বাস উপজিছে । অতি কম খৰছত ৰোগীসকলৰ ৰোগ নিৰাময় কৰি দিয়াৰ বাবে দুখীয়া ৰাইজে তেওঁক ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা