গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত উন্মোচনী সভা: *ৰাষ্ট্ৰপতিৰ সন্মানপ্ৰাপক সংস্কৃত পণ্ডিত অধ্যাপক ডঃ ৰাজেন্দ্ৰনাথ শৰ্মাৰ দুখনকৈ গ্ৰন্থ উন্মোচন



ষ্টাফৰিপৰ্টাৰ: ২৯ ছেপ্টেম্বৰ:  গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক আৰু বিভাগীয় প্ৰধান, ডি.লিট উপাধিৰ উপৰি ৰাষ্ট্ৰপতিৰ সন্মানপ্ৰাপক বিশিষ্ট সংস্কৃত পণ্ডিত ডঃ ৰাজেন্দ্ৰনাথ শৰ্মাৰ "মীমাংসা দৰ্শন" শীৰ্ষক গ্ৰন্থখন আজি উন্মোচন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত অনুষ্ঠিত উন্মোচনী সভাত এই গ্ৰন্থখন উন্মোচন কৰে বিভাগটোৰ বিভাগীয় মুৰব্বী অধ্যাপিকা ডঃ হিৰণ শৰ্মাই। মীমাংসা দৰ্শনৰ সকলো দিশ সামৰি ৰচনা কৰা এই গ্ৰন্থখনে শিক্ষাৰ্থীৰ লগতে দৰ্শন বিষয়ৰ প্ৰতি আগ্ৰহী প্ৰতিগৰাকী  পাঠকক উপকৃত কৰিব বুলি উন্মোচনী ভাষণত অধ্যাপিকাগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে  মাতৃভাষাত এনে এখন গ্ৰন্থ শিক্ষাৰ্থী, শিক্ষক শিক্ষয়িত্ৰী তথা পঢ়ুৱৈ সমাজলৈ উপহাৰ দিয়া বাবে গ্ৰন্থখনৰ লেখক ডঃ ৰাজেন্দ্ৰ নাথ শৰ্মাৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে। একেটা অনুষ্ঠানতে লেখকৰ অন্য এখন গ্ৰন্থ "পৰিভাষা সংগ্ৰহ" উন্মোচন কৰে সংস্কৃত বিভাগৰ অধ্যাপিকা তথা প্ৰাক্তন বিভাগীয় মুৰব্বী ডঃ সুজাতা পুৰকায়স্থই। ব্যাকৰণ আৰু দৰ্শন শাস্ত্ৰত থকা সূত্ৰ, বাৰ্ত্তিক, ভাষ্য আদি বিভিন্ন পৰিভাষাৰ লক্ষণ বা স্বৰূপক সামৰি সংস্কৃত শ্লোক আৰু ইয়াৰ সৰল অসমীয়া অনুবাদ সন্নিবিষ্ট কৰি  যুগুত কৰা গ্ৰন্থখন শিক্ষাৰ্থীৰ এই সম্পৰ্কীয় সম্যক ধাৰণা লোৱাৰ ক্ষেত্ৰত সহায়ক হব বুলি গ্ৰন্থ উন্মোচক ডঃ পুৰকায়স্থই  ভাষণপ্ৰসংগত উল্লেখ কৰে।   ডঃ ৰাজেন্দ্ৰনাথ শৰ্মাই তেওঁৰ ভাষণত উল্লেখ কৰে যে সদ্য প্ৰকাশিত 'মীমাংসা দৰ্শন' গ্ৰন্থখন অসমীয়া ভাষাত ৰচিত মীমাংসা দৰ্শনৰ বিষয়ক প্ৰথমখন গ্ৰন্থ।  এই গ্ৰন্থখন পাঠকে আঁকোৱালি লব বুলি তেওঁ আশা প্ৰকাশ কৰে। আনহাতে "পৰিভাষা সংগ্ৰহ" গ্ৰন্থখন ছাত্র ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ৰচনা কৰা বুলি তেওঁ উল্লেখ কৰে। সংস্কৃত বিভাগৰ গৱেষক ছাত্ৰী উপাসনা শৰ্মাৰ মঙ্গলাচৰণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে সহযোগী অধ্যাপক ডঃ জগদীশ শৰ্মাই । অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপিকা ক্ৰমে ডঃ মঞ্জুলা দেৱী, ডঃ মুক্তা বিশ্বাস, ডঃ সুদেষ্ণা ভট্টাচাৰ্য্য, বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী ডঃ মন্দাকিনী মহন্তইও বক্তব্য আগবঢ়াই লেখকৰ সাৰস্বত সাধনা অব্যাহত থকাৰ কামনা কৰে।।সহযোগী অধ্যাপিকা ডঃ বীণিমা বুজৰবৰুৱাই  শলাগৰ শৰাই আগবঢ়োৱা আজিৰ এই উন্মোচনী অনুষ্ঠানত  বিভাগটোৰ অধ্যাপিকা ডঃ শ্ৰুতিধৰা চক্ৰৱৰ্তী,অধ্যাপক ডঃ কামেশ্বৰ শুক্লা, সহযোগী অধ্যাপিকা ডঃ উপমা বৰ্মন ডেকা
সহকাৰী অধ্যাপিকা ডঃ ৰশ্মিৰেখা গোস্বামীৰ উপৰি কিছু সংখ্যক গৱেষক শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা