অবৈধ গোটখা সেৱনে অশনি সংকেট কঢ়িয়াইছে শিৱসাগৰ জিলা বিভিন্ন প্ৰান্তত
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ৬ চেপ্তেম্বৰ : অতিমাৰী কৰ'না ভাইৰাছক হাত বাউল দি মাতিছে বিষাক্ত গোটখা জাতীয় আৰু ধঁপাত জাতীয় সামগ্ৰী অবৈধ ৰমৰমীয়া ব্যৱসায়ীয়ে।যিসময়ত ৰাজ্য চৰকাৰে কৰ'না ভাইৰাছক প্ৰতিহত কৰিবলৈ আৰু নৱ প্ৰজন্মক স্বাস্থ্য দিশটো সজাগ কৰি ৰাখিবলৈ গোটখা জাতীয় সামগ্ৰী বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে তেনেসময়তে শিৱসাগৰ জিলাত সৰু-বৰ গৰিষ্ঠসংখ্যক দোকানতে মুকলিকৈ শিখৰ , কেপি , ছিগনেছাৰ আৰু ৰজনীগন্ধা আদি গোটখাৰ লগত ধঁপাত জাতীয় সামগ্ৰী ৰমৰমীয়া ব্যৱসায় কৰি আছে অতি সাধু ব্যৱসায়ীসকলে । এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনে দেখিও নেদেখা ভাও জুৰাত জিলাখনত কৰ'না ভাইৰাছৰ ৰোগী সংখ্যা দিনক দিনে বৃদ্ধি পাইছে বুলি সচেতন মহলে মত পোষন কৰিছে ।তেওঁলোকৰ মতে গোটখা সেৱনকাৰী সকলে নগৰখনৰ লগতে গ্ৰামাঞ্চলসমূহৰ প্ৰয সংখ্যক দোকানসমূহৰ পৰা স্বাস্থ্যৰ বাবে হানিকাৰক উক্ত গোটখাসমূহ আৰু ধঁপাত জাতীয় সামগ্ৰী ক্ৰয় কৰি গৰলভাৱে সেৱন কৰি য'তে ত'তে থু-খেকা পেলোৱাত মাৰাত্মক ভাইৰাছবিধ বিয়পোৱাত ইন্ধন যোগাইছে ।শিৱসাগৰ জিলা বিভিন্ন দোকানসমূহৰ পৰা গোটখা ক্ৰয় কৰি বিভিন্ন ৰাজহুৱা স্থানত স্বাস্থ্যৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া এইচাম কাণ্ডজ্ঞানহীনলোকে থু-খেকাৰ পেলোৱাৰ ফলত মাৰাত্মক ভাইৰাছবিধ গণসংক্ৰমণৰ হাৰত বৃদ্ধি পোৱাৰ প্ৰৱনতা প্ৰবল । যদি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰিস্থিত অধিক জটিল পৰ্যায়লৈ যোৱাৰ সম্ভৱনা দেখা দিব বুলি সচেতন জেষ্ঠ নাগৰিকে সংবাদ মাধ্যমৰ আগত মত পোষন কৰিছে। তদুপৰি জিলাখনত কৰ'না ভাইৰাছৰ পজিটিভ ৰোগী সংখ্যা দিনক দিনে বৃদ্ধি পোৱা আন এটা মুখ্য কাৰণ হৈছে গোটখা জাতীয় সামগ্ৰী গৰল ভক্ষন | যাৰ ফলত গোটখা সেৱনকাৰীসকলে জধে-মধে থু পেলাইয়েই ৰোগ বৃদ্ধি কৰিছে আৰু ইয়াৰ যোগেই মৃত্যুদূতৰূপী ভাইৰাছবিধ সক্ৰিয় হোৱাত অৰিহনা যোগাইছে । ইপিনে শিৱসাগৰ জিলাৰ কালুগাওঁ অঞ্চলৰ আমতল চাৰিআলিৰ সমিপৰ কেইজনমান যুৱকে এই অবৈধ গোটখা ব্যৱসায়টো বিনা দিধাই চলাই থকাৰ কথাটো সৰ্বজনবিদিত | তথাপিও প্ৰশাসন নিৰৱ কিয় বুলি সচেতন নাগৰিকে প্ৰশ্ন উত্থাপন কৰিছে | দিনৰ ১১ বজাৰ পৰা ৩ বজালৈকে মটৰচাইকেলত আগে পিছে ডাঙৰ ডাঙৰ বেগ ওলমাই গাওঁসমুহৰ প্ৰতিখন সৰু - বৰ দোকানত যোগান ধৰে | গোটখাৰ অবৈধ ব্যৱসায়ত লকডাউনত বহুলাখ টকা উপাৰ্যন কৰিছে , যিহেতু যিটো চিখৰ পেকেতৰ দাম ১০ টকা সেই চিখৰ পেকেতটো লকডাউনত ১০০ টকাত বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে | আমতল চাৰি আলি , বৰপাত্র কালুগাওঁ , দেউলীয়া , কঠালবৰীয়া , তিনিকুৰীয়া , গায়ন গাওঁ , হোলাপাৰ , জয়সাগৰ , ৰূদ্ৰসাগৰ , ভটীয়াপাৰা , ভৰলুৱা , বৰবৰটেকেলা , জাপিসজীয়া , নামতিমুখ , মগৰাহাট , চিৰাখুন্দা , কিৰাআলি ,খৰাাগড় , ঘোৰাচোৱা , ২ নং শলগুৰি , জতকীয়া আদি অঞ্চলত আমতল চাৰিআলিৰ সমিপৰ ইছলাম ধৰ্মীৰ কেইজনমান যুৱকে অবৈধ গোটখা যোগান ঘৰি আহিছে | এই অবৈধ ব্যৱসায় ইয়াতে বন্ধ নকৰিলে অধিক তথ্যৰে আগলে নাম হস বাতৰি প্ৰকাশৰ ব্যৱস্থা কৰা হব | আনহাতে লেপাই,ৰিৰিয়া,ডিমৌমুখ,চাউলকৰা,আখৈফুটীয়া,পানবেচা,বানমুখ,মথাদাঙ,জয়াৰপৰা,বামবাৰী,পলশনি,চুমনি ইত্যাদি গ্ৰামাঞ্চলসমূহৰ একাংশ সৰু-বৰ দোকানত গোটখা আৰু ধঁপাত জাতীয় সামগ্ৰী অবৈধভাৱে বিক্ৰি কৰি আছে। স্বাস্থ্য বিভাগৰ নিৰ্দেশনাক ভেঙুচালি কৰি বীৰৰ্দপে এইসকল অসাধু ব্যৱসায়ীয়ে অবৈধ ব্যৱসায় সামাজ্ৰ গঢ়ি কৰ'নাক হাত বাউল দি মতাত দূগুণ উৎসাহ যোগান ধৰিছে।
শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট
Comments
Post a Comment