ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ খিৰেশ্বৰ হাজৰিকাৰ মৃত্যুত শোকৰ বন্যা নাহৰকটিয়াত

প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ , বিশিষ্ট ক্ৰীড়া সংগঠক তথা ক্ৰীড়া পেঞ্চনাৰ , নাহৰকটীয়া দীঘলা পথাৰ নিবাসী ক্ষীৰেশ্বৰ হাজৰিকাৰ আজি মৃত্যু হয়।  যোৱা ৩ ছেপ্টেম্বৰৰ তাৰিখৰ পৰা হঠাৎ অসুস্থ হৈ আছিল প্ৰয়াত ক্ৰীড়া সংগঠক গৰাকী।
 ১৯৪০ চনত নাহৰকটীয়াৰ দীঘলা পথাৰ গাওঁত জন্ম গ্ৰহণ কৰা খিৰেশ্বৰ হাজৰিকা সৰুৰে পৰা খেলৰ প্ৰতি আছিল বিশেষ ধাউতি। ফুটবলৰ প্ৰতি থকা তেওঁৰ অনুৰাগে পৰৱৰ্তী সময়ত বিভিন্ন স্থানত ফুটবল মেচ খেলি অসমৰ লগতে নাহৰকটীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছিল। এগৰাকী প্ৰতিভাবান খেলুৱৈ হিচাপে তেওঁৰ জীৱনকালত সন্তোষ ট্ৰফী , আন্তজিলা,বৰদলৈ ট্ৰফী,যোৰহাট এ টি পি এ, নগাঁও স্বাধীনতা কাপৰ দৰে বহু গুৰুত্বপূৰ্ণ ফুটবল মেচ খেলিছিল।
তদুপৰি এগৰাকী ক্ৰীড়া সংগঠক হিচাপে ৯০ দশকতে প্ৰি প্ৰাইমেৰী ফুটবল একাডেমি তেওঁৰ তত্বাৱধানত গঠন কৰি নতুন নতুন প্ৰতিভাবান খেলুৱৈ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।আজি তেওঁৰ অকাল বিয়োগত নাহৰকটীয়া ক্ৰীড়া ক্ষেত্ৰখনত অপুৰণীয় ক্ষতি হৈ ৰব। তেওঁৰ মৃত্যুত নাহৰকটীয়াৰ আছুকে ধৰি বিভিন্ন দল সংগঠনৰ লগতে নাহৰকটীয়াৰ ক্ৰীড়া সন্থাই গভীৰ শোক প্ৰকাশ কৰে।

প্ৰতিবেদক গগন হাজৰীকা, নাহৰকটীয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা