৩ ছেপ্টেম্বৰৰ দিনটো প্ৰতিবছৰে কমতাপুৰ দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা
৩ ছেপ্টেম্বৰৰ দিনটো প্ৰতিবছৰে কমতাপুৰ দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা
বঙাইগাওঁ ৪ ছেপ্টেম্বৰঃ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বিধেয়ক অসম বিধানত গৃহীত হোৱাৰ পিছত কমতাপুৰ আৰু জনজাতিকৰণ আন্দোলনত জড়িত চাৰি কোচ ৰাজবংশী সংগ্ৰামী নেতা বিশ্বজিৎ ৰায়, ত্ৰিদীপপতি সিংহ, অতুল ৰায় আৰু ত্ৰৈলোক্য ৰায়ক আজি বঙাইগাঁও চহৰস্থিত সদৌ অসম কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ কাৰ্যালয়ত সংগঠনৰ কৰ্মীসকলে মিঠাই খুৱাই আৰু গালে মুখে ৰং সানি তথা ফটকা ফুটাই আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জনায় ৷ একেদৰে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাট মুকলি হোৱাত ৰাজপথত ফটকা ফুটাই আনন্দ উল্লাস প্ৰদৰ্শন কৰে ৷ ইপিনে বঙাইগাঁও চহৰস্থিত কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ কাৰ্যালয়তে আয়োজন কৰা এখন যৌথ সংবাদমেল যোগে কৰমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী চন্দন ব্ৰহ্মক কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়, সদৌ অসম কোচ ৰাজবংশী যুৱ- ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু উপদেষ্টা ত্ৰিদীপপতি সিংহই ধন্যবাদ জনায় ৷ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন কোচ ৰাজবংশী জনগোষ্ঠীৰ এক উত্তোৰণৰ শাসন ব্যৱস্থা বুলি সদৰি কৰে ৷ সংবাদমেলত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে আমি অতি আনন্দিত আৰু উৎফুল্লিত ৷ কাৰণ কোচ ৰাজবংশী জনসাধাৰণে আজি সুদীৰ্ঘ দিন ধৰি আন্দোলন কৰি অহাৰ ফলশ্ৰুতিত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ লাভ কৰিবলৈ সক্ষম হৈছো ৷ কমতাপুৰ এটা সময়ত আছিল আৰু অসম চৰকাৰে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ ঘোষণা কৰি কাৰ্যত আমাৰ যি ইতিহাস সেই ইতিহাসক স্বীকাৰ কৰিলে ৷ লগতে আমাৰ ভৱিষ্যতৰ যি কমতাপুৰ ৰাজ্যৰ সোপোন সেই কমতাপুৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত আম্ এখোজ আগুৱাই গৈছো ৷ অসম চৰকাৰৰ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখন দিয়াৰ পিচতে দায়িত্ব শেষ নহয় ৷ বৰং অন্তৱৰ্তীকালীন পৰিষদ গঠন কৰি এই পৰিষদখনৰ জৰিয়তে যাতে এই অঞ্চলৰ কোচ ৰাজবংশী জাতিৰ সামগ্ৰীক বিকাশ আৰু উন্নয়ন কৰিব পাৰো তাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় ৷ সংবাদ মেলত ৰায়ে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ ৩ ছেপ্টেম্বৰৰ দিনটোক কমতাপুৰ দিৱস হিচাবে ঘোষণা কৰে আৰু উক্ত দিনটোক প্ৰতিবছৰে কমতাপুৰ দিৱস হিচাপে পালন কৰিব বুলি কয় ৷ লগতে চলিত ছেপ্টেম্বৰ মাহতে বঙাইগাঁও চহৰত কেন্দ্ৰীয়ভাৱে বিজয় উৎসৱ পালন কৰিব বুলি কৈ এই বিজয় উৎসৱত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, জনজাতি মন্ত্ৰী চন্দন ব্ৰহ্ম, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অগপৰ সভাপতি অতুল বৰাক আমন্ত্ৰণ জনাব বুলি কয় ৷ সেইদৰে কেন্দ্ৰীয় বিজয় উৎসৱৰ পিছতে প্ৰতিখন জিলাত বিজয় উৎসৱ পালন কৰিব বুলি জনায় ৷ সংবাদমেলত আগন্তুক বিধান সভা নিৰ্বাচনৰ আগতে কোচ ৰাজবংশীসকলোক অনুসূচীত জনজাতিৰ মৰ্যাদা দিবলৈকো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসম চৰকাৰক কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে আহ্বান জনায় ৷ আনহাতে সংবাদ মেলত সদৌ অসম কোচ ৰাজবংশী যুৱ - ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায়ে কয় যে ঐতিহাসিক যি কমতাপুৰ আছিল সেই কমতাপুৰৰ নামত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ নামেৰে এক সৰু ব্যৱস্থা আমাক দিয়া হৈছে ৷ এই ব্যৱস্থাটো বহুত কিবা বিশেষ ব্যৱস্থা নহয় যদিও তথাপিতো আমি উৎফুল্লিত আৰু সেই কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো ৷ কমতাপুৰৰ যি আদৰ্শ তথা নৰনাৰায়ণ আৰু চিলাৰায়ৰ যি আদৰ্শ আছিল সেই আদৰ্শ অনুসৰিয়ে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদখন চলিব আৰু সম উন্নয়ন ,সম বিকাশ হ'ব ৷ গতিকে কোনো চিন্তাৰ কাৰণ নাই ৷ লগতে এই স্বায়ত্ত শাসিত পৰিষদৰ বাহিৰত যিসকল কোচ ৰাজবংশী লোক থাকিলে তেওঁলোকৰ হৈও তথা জনজাতিকৰণ আৰু কমতাপুৰৰ সপক্ষে নিশ্চয় কিছু মাত মাতিব লাগিব , কাম কৰিব লাগিব বুলি আশা প্ৰকাশ কৰে ৷ সেইদৰে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে কয় যে আমি ভাৱি অহা বহু আকাংক্ষিত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ বিধেয়কখন গৃহীত হ'ল ৷ এটা সৰু ব্যৱস্থা হলেও আমি এখন স্বায়ত্ত শাসিত পৰিষদ পালো ৷ আমি কমতাপুৰৰ নামটোৰ মান্যতা পালো বুলি কয় ৷ উল্লেখ্য যে সংগঠনৰ নেতা- কৰ্মীসকলে হাতত হাত ধৰি বিভিন্ন শ্লোগান দি কাৰ্যালয় প্ৰাংগণ মুখৰিত কৰি তোলে ৷
প্ৰণৱ কুমাৰ ডেকা
Comments
Post a Comment