নাজিৰাৰ বিশিষ্ট সমাজকৰ্মী, চিকিৎসক তথা বিজেপিৰ নেতা ডা০ প্ৰবীন কোৱঁৰৰ দেহবসান

ফাষ্ট নিউজ ৰিপৰ্ট, নাজিৰা, ২৭ ছেপ্টেম্বৰঃ
নাজিৰাৰ বিশিষ্ট চিকিৎসক আৰু সমাজ-কৰ্মী শিমলুগুৰি নগৰৰ বাসিন্দা ডাঃ প্ৰৱীণ কোঁৱৰৰ আজি পুৱা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত পৰলোক প্ৰাপ্তি ঘটে । আজি পুৱা প্ৰায় ৪-১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰি বিয়পি পৰাৰ পাছতে নাজিৰা মহকুমা এলেকাতে শোকৰ ছাঁ পৰে । নাজিৰাৰ চণ্টকৰ আদাবাৰী সন্দিকৈ গাঁৱত ১৯৫৯ চনৰ ১০ জানুৱাৰীত এক সাধাৰণ  কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰি চণ্টক হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰৱীণ কোঁৱৰে গড়গাঁও কলেজৰ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈ শিলচৰ চিকিৎসা মহাবিদ্যলয়ৰপৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী আহৰণ কৰে.। অসমৰ বিভিন্ন স্থানত চিকিৎসকৰ সেৱাত মনোনিৱেশ কৰি ২০১১ চনত নাজিৰাৰ নগৰ চিকিৎসালয়ৰ মহকুমা চিকিৎসা বিষয়া পদৰপৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে । সমাজ সেৱাৰ দিশত জীৱনৰ আৰম্ভণি ভাগত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ কৰ্মৰে অনুপ্ৰাণিত হৈ সহযোগী হোৱাৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কৰ্মী হিচাপে ৰাইজৰ মাজত পৰিচিত হৈছিল । ২০১১ চনৰ বিধান সভাৰ নিৰ্বাচনত তেওঁ পত্নী জুৰী কোঁৱৰলৈ সমৰ্থন যোগাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হোৱাত উৎসাহ যোগাইছিল । পৰৱৰ্ত্তী সময়ত ২০১৩ চনত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছিল আৰু ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি মৃত্যু পৰ্য্যন্ত  বিজেপি দলৰ শিৱসাগৰ জিলাৰ উপসভাপতিৰ পদত কাম কৰি গৈছিল.। চিকিৎসকৰ পদ ইস্তফা দি ৰাজনীতিৰ প্ৰতি অধিক ধাউতি প্ৰদৰ্শনৰ সমান্তৰালভাৱে ডাঃ কোৱঁৰে কীৰ্ত্তন আৰু ভাগৱতৰ সন্মোহিত ব্যাখ্যাৰে ধাৰ্মিক ক্ষেত্ৰখনতো আগুৱাই গৈছিল.। দুগৰাকী কন্যাৰ লগতে পত্নীক এৰি থৈ যোৱা ডাঃ প্ৰৱীণ কোঁৱৰে কেইমাহমান পূৰ্বে বৃক্কজনিত অস্ত্ৰোপচাৰ সম্পন্ন কৰি উঠিছিল আৰু প্ৰায় দহদিন পূৰ্বে শাৰীৰিক দুৰ্বলতাৰ বাবে প্ৰথমে ডিব্ৰুগড়ৰ এক ব্যক্তিগত নাৰ্চিং হোম আৰু পৰৱৰ্ত্তী অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হৈছিল । চিকিৎসাকালত ক'ৰোনাৰ উপস্থিতি ধৰা পৰাত চিকিৎসকে তেওঁৰ কভিড ৰোগৰ তত্বাৱধান লৈ আছিল । নাট্যাভিনয়, ভাওণা আৰু ৰাসত অংশ লৈ সাংস্কৃতিক মনৰ পৰিচয় দিয়া ডাঃ প্ৰবীণ কোঁৱৰ শিমলুগুৰি নাট্য সমিতিৰ  কাৰ্য্যকৰী সভাপতি, চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি, নাজিৰা জিলা বেডমিন্টন সন্থাৰ সভাপতি, শিমলুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে নাজিৰা জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক আছিল । নাজিৰাৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, থাওৰাৰ বিধায়ক কুশল দুৱৰী, , বিজেপিৰ শিৱসাগৰ জিলা সমিতি, শিমলুগুৰি চেম্বাৰ্চ অৱ কমাৰ্চ, শিমলুগুৰি নাট্য সমিতি, নাজিৰা জিলা ক্ৰীড়া সন্থা, শিমলুগুৰিৰ শাখা সাহিত্য সভা, শংকৰদেৱ শিশু নিকেতন, অগপৰ নাজিৰা জিলা সমিতি, অসম কলেজ শিক্ষক সংস্থাৰ গড়গাঁও কলেজ গোট, নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আদি বহু ব্যক্তি আৰু অনুষ্ঠানে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । অন্তিম সৎকাৰৰ স্থলী আদাবাৰী সন্দিকৈ গাঁৱত আজি অনেক লোকেই ভিৰ কৰাত  প্ৰশাসনে কভিড বিধান অনুসৰি দূৰত্ব আৰু স্বাস্থ্য বিধি মানি চলিবলৈ আগতীয়াকৈ বাঁহৰ বেৰিকেড নিৰ্মাণ কৰি সৎকাৰৰ দিহা কৰে । সন্ধিয়া  বাতৰি লিখাৰ পৰত তেওঁৰ মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ হয় । শিমলুগুৰি চেম্বাৰ্চ অৱ কমাৰ্চে ২৮ ছেপ্টেম্বৰত শিমলুগুৰি নগৰৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান পুৱাৰ পৰা ১২ বজালৈ বন্ধ ৰাখি শোক প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । 
মুনীন্দ্ৰ নাথ শইকীয়া, নাজিৰা ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা