সেৱা সপ্তাহৰ লগত সংগতি ৰাখি ৰাজ্যিক বিজেপিৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ন। কাইলৈ সমগ্ৰ ৰাজ্যত ২৮,০০০ হাজাৰ বুথ সমিতিৰ গছপুলি ৰোপণ, ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ ৭০ গৰাকী জাতি জনগোষ্ঠীয় শিল্পীক সম্বৰ্ধনা।


ষ্টাফৰিপৰ্টাৰ, ১৬ ছেপ্টেম্বৰ,২০২০: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে অনুষ্ঠিত হৈ থকা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাজ্যিক বিজেপিৰ উদ্যোগত বিভিন্ন সেৱা মূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সেৱা সপ্তাহ উপলক্ষে কাইলৈ ১৭ ছেপ্টেম্বৰ তাৰিখে ৰাজ্যিক বিজেপিৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে ২৮,০০০ বুথ সমিতিৰ সহযোগত গছপুলি ৰোপণ কৰিব ৷ দিছপুৰ সমষ্টিৰ অন্তৰ্গত বশিষ্ঠ মন্দিৰ প্ৰাংগণত ২২২ নং বুথত পুৱা ৯.৩০ মিনিটত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাস ডাঙৰীয়াই গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰিব। কাইলৈ দিনটোতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৭০ গৰাকী জাতি জনগোষ্ঠীয় শিল্পীক সম্বৰ্ধনা জনোৱা হব। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম প্ৰদেশ বিজেপিৰ মাননীয় ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস , ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাননীয় ৰাম মাধৱ নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কনক সেন ডেকাও উপস্থিত থাকিব।
অহা ১৮ তাৰিখে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত "সেৱা হি সংগঠন" শীৰ্ষক ই - বুক খনি আনুষ্ঠানিকভাৱে মুকলি কৰিব চট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙে। অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,
অসম প্ৰদেশ বিজেপিৰ মাননীয় ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস 
আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। তদুপৰি উক্ত দিনাই ৩৯ জিলাত ফলমূল বিতৰণৰ লগতে নলবাৰী জিলা বিজেপিৰ সহযোগত আৰু ৰাজ্যিক অসংগঠিত শ্ৰমিক কোষৰ উদ্যোগত ৭০ জন শ্ৰমিকক সম্বৰ্ধনা জনোৱা হব। এই অনুষ্ঠানত চন্দ্ৰ মোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা, ফণীন্দ্ৰ নাথ শৰ্মাও উপস্থিত থাকিব। যোৰহাটত আজি প্লাজমা দান কাৰ্যসূচী ৰূপায়ন কৰা হয়। আনহাতে আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কমিটিৰ উদ্যোগত "ৰক্ত দান" কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুৰূপ ধৰণে কাইলৈ তেজপুৰত, ১৯ তাৰিখে শিলচৰ আৰু ২০ তাৰিখে গুৱাহাটিটো প্লাজমা দান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে সেৱা সপ্তাহ উপলক্ষে ইতিমধ্যে যোৱা ১৫ ছেপ্টেম্বৰত ৩৯ খন জিলাৰ ২৭৩৯ খন গাঁৱত স্বচ্ছতা অভিযান আৰু প্লাষ্টিক সজাগতা অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। সেইদিনাই ডিব্ৰুগড়ত জিলা বিজেপিৰ উদ্যোগত প্লাজমা দান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা