একেৰাহে সপ্তম বৰ্ষলৈ ভাৰতৰ শীৰ্ষ ব্ৰেণ্ড এইচডিএফচি বেংক




ষ্টাফ ৰিপ'ৰ্টাৰ,,,২০ ছেপ্টেম্বৰ,
এইচডিএফচি বেংকক একেৰাহে সপ্তমবাৰলৈ ভাৰতৰ সবাতোকৈ উৎকৃষ্ট ব্ৰেণ্ডৰ স্থান দিয়া হৈছে। সমীক্ষা অনুসৰি ২০২০ ৰ BrandZ ৰ শীৰ্ষ ৭৫ উৎকৃষ্ট ব্ৰেণ্ডৰ এটা এইচডিএফচি বেংক। এইচডিএফচি বেংকৰ ব্ৰেণ্ড মূল্য ২০.৩ বিলিয়ন আমেৰিকান ডলাৰ। চলিত বৰ্ষৰ এক অধ্যয়ন অনুসৰি ৮৯ টা বিভিন্ন বিভাগৰ সৈতে ১,১৪০ টা ভাৰতীয় ব্ৰেণ্ডসহ ৩.৮ নিযুত গ্ৰাহকক সাঙুৰি লৈছে বেংকটোৱে। BrandZএ এইচডিএফচিক লৈ লিখা প্ৰতিবেদনত উল্লেখ কৰিছে"-২০২০ BrandZTM ৰ শীৰ্ষ ১০০ টা উৎকৃষ্ট বিশ্ব স্তৰৰ ব্ৰেণ্ডৰ ভিতৰত ৫৯ নম্বৰ দখল কৰা এইচডিএফচি বেংকে নিজৰ বিত্তীয় পাৰদৰ্শিতা আৰু গ্ৰাহকৰ অভিজ্ঞতাৰ সৈতে সামঞ্জস্য বজাই ৰাখিবলৈ সক্ষম হৈছে"। এক সমীক্ষা চলাই এইচডিএফচি বেংকক এই ৰেংকিং প্ৰদান কৰিছে গ্ল'বেল কমিউনিকেচন চাৰ্ভিছ বেহেমথ, ডব্লিউপিপি ৰ দ্বাৰা পৰিচালিত গ্রুপ কোম্পানী কন্তাৰ মিলৱাৰ্ড ব্ৰাউনে। BrandZৰ এছিয়াৰ অধ্যক্ষ আৰু ডব্লিউ পিপি ইএমই'ৰ চিইঅ' ডেভিড ৰোথে কয়"-বিশ্বস্তৰৰ ব্ৰেণ্ড সমূহৰ সমীক্ষা কৰোনা মহামাৰীৰ সময়ত কৰি থকা হয়। বিশেষকৈ ভাৰতৰ দৰে দেশত, য'ত ক'ভিড -১৯ৰ প্ৰকোপৰ পূৰ্বে অৰ্থব্যৱস্থা গতি লেহেমীয়া হৈ পৰিছিল। তেওঁ লগতে কয়"-ভাৰতৰ বহুকেইটা ব্ৰেণ্ড প্ৰত্যাহ্বানলৈ সাজু হৈছে আৰু বিশ্ব স্তৰত তেওঁলোকৰ কৌশল নতুন কৰি নিজৰ ক্ষমতা দাঙি ধৰিছে। আমাৰ বিশ্লেষণে প্ৰমাণ কৰিছে যে,  যিকোনো প্ৰত্যাহ্বানলৈ সাজু হৈছে  ব্ৰেণ্ড নিৰ্মাণত বিনিয়োগ কৰা কোম্পানীসমূহ"। উল্লেখযোগ্য যে, এইচডিএফচি বেংকে শীৰ্ষ ১০০ টা বিশ্ব স্তৰৰ ব্ৰেণ্ডৰ তালিকাত একেৰাহে ছয় বৰ স্থান দখল কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা