কিৰণ ফাউণ্ডেচনৰ বৰ্ষপূতিত উদীয়মান প্ৰতিভাক সম্বৰ্ধনা



 ষ্টাফৰিপ'ৰ্টাৰ,,,১২ছেপ্টেম্বৰ।।
কিৰণ ফাউণ্ডেচনৰ পঞ্চম বৰ্ষপূতি উপলক্ষে  শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত কিৰণ ফাউণ্ডেচনৰ বেনাৰত নিৰ্মিত আৰু ফাউণ্ডেচনৰ স্বত্বাধিকাৰী কিৰণ বড়োৰ দ্বাৰা প্ৰযোজিত 'ডেড্ মেনছ চেলফোন' শীৰ্ষক এখন চুটি ছবি প্ৰদৰ্শন কৰা হয়। উক্ত অনুষ্ঠানতে ২০১৮-১৯ বৰ্ষৰ বাবে কথক নৃত্যত চি চি আৰ টিৰ জলপানি প্ৰাপক, অনাতাঁৰ মঞ্চাভিনেত্ৰী তথা নৃত্যাংগনা বি পাল্কী, এম আই এইচ এম মিছ ইণ্ডিয়া কুইন অব্ কুইনছ ২০১৯ ৰ বিজয়ী ছুইটা গয়াৰী, চান্দনিকা চৌধুৰী, আলোকচিত্ৰ শিল্পী দীপজ্যোতি ভৰালী,ফেশ্বন ডিজাইনাৰ পল্লৱী বৈশ্য, অভিজিত দাস আৰু সংগীতা তালুকদাৰ, জুৱেলাৰী ডিজাইনাৰ বিউটি দত্ত মজুমদাৰকে ধৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কেইবাগৰাকীও উদীয়মান প্ৰতিভাধাৰীক সম্বৰ্ধনা জনোৱা হয়। পখিলা কলিতাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত প্ৰাগ নিউজৰ সহযোগী সম্পাদক দেৱজিৎ ভূঞাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰাৰ লগতে জিন্টি বৰঠাকুৰেও অতিথিৰেপে অংশগ্ৰহণ কৰে। বি পাল্কীয়ে কথক শৈলীত প্ৰদৰ্শন কৰা এটা শিৱ বন্দনাৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যৱসায়ী সুনীল বাগৰি, অর্থ ফিল্মছৰ স্বত্বাধিকাৰী তথা পৰিচালক মানবেন্দ্ৰ অধিকাৰী, চিন্ময়ী ভূঞা, বিশিষ্ট উদ্যোগী কুষাণ চৌধুৰী এইডছ বিষয়ত সজাগতা সৃষ্টি কৰি অহা সমাজকর্মী জাহ্নৱী গোস্বামীৰ লগতে ছবিখনৰ পৰিচালক প্ৰয়াত গোপাল বৰঠাকুৰৰ পত্নীক সম্বৰ্ধনা জনোৱা হয়।

Comments