বৰপেটা জিলাত পূজা হব, নহয় মেলা

সকলো জাকজমকতা পৰিহাৰ কৰি অনুষ্টুপীয়া পূজা আয়োজনৰ অনুমতি বৰপেটা জিলা প্ৰশাসনৰ ::

 মেলা, প্ৰতিযোগিতা, অস্থায়ী দোকান আদিত নিষেধাজ্ঞা:


বৰপেটা, ৫ ছেপ্তেম্বৰ: আগন্তুক দুৰ্গা পূজাত পূজা সমিতি সমূহে সকলো ধৰণৰ জাকজমকতা, মেলা, মাইক আদি পৰিহাৰ কৰিব লাগিব। দেশৰ চলিত ক'ৰোনা মহামাৰী জনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এই নিৰ্দেশ জাৰী কৰিছে।  বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত জিলা খনৰ পূজা সমিতি সমূহৰ সৈতে অনুষ্ঠিত এখন সভাত ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ কথা জনাই দিয়া হয়। তদুপৰি এক কিলোমিটাৰৰ ব্যাসাৰ্ধত এখনতকৈ অধিক পূজা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে পূজা মণ্ডপত সামাজিক দূৰত্ব বৰ্তাই ৰাখি  ভক্ত সকলে পূজা অৰ্চনাত ভাগ লোৱাৰ সুবিধাৰ্থে মণ্ডপ সমূহ পূৰ্বতকৈ ডাঙৰকৈ নিৰ্মাণ কৰিবলৈও পূজা সমিতি সমূহক অনুৰোধ জনোৱা হৈছে। পূজা মণ্ডপলৈ অহা দৰ্শনাৰ্থী সকলে  মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হব। এই ক্ষেত্ৰত পূজা সমিতিক চকু দিবলৈ আহ্বান জনোৱা হয়। পূজা মণ্ডপসমূহৰ ওচৰে-পাজৰে অস্থায়ী দোকান-পোহাৰ খুলাটোও বাৰণ কৰা হৈছে বুলি জিলা উপায়ুক্ত‌ই পূজা সমিতি সমূহক জনাই দিছে। আনহাতে নিৰাপত্তাজনিত কাৰণত প্ৰতিটো মণ্ডপতে চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সভাত বৰপেটা জিলাৰ সকলো প্ৰান্তৰ পৰা অহা পূজা সমিতি সমূহে অংশগ্ৰহণ কৰে আৰু সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ এই নিৰ্দেশ সমূহৰ সৈতে সহমত পোষণ কৰে। সাধাৰণতে পূজা মণ্ডপত অনুষ্ঠিত কৰা সকলো ধৰণৰ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণ পৰিহাৰ কৰি কেবল আধ্যাত্মিকভাবে অনুষ্টুপীয়াকৈ পূজা অৰ্চনাৰ ব্যৱস্থা কৰিবলৈ পূজা সমিতি সমূহলৈ অনুৰোধ জনোৱা হৈছে। পূজা আয়োজনৰ সংখ্যা হ্ৰাস কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। বিসৰ্জন সময়ত ভিৰ কমোৱাৰ উদ্দেশ্যে বিসৰ্জনৰ ঘাটৰ সংখ্যা বৃদ্ধি কৰা আৰু কেবাদিনীয়াকৈ বিসৰ্জন অনুষ্ঠিত কৰা হব বুলি উপায়ুক্ত গৰাকীয়ে জনাইছে। সভাত জিলা আৰক্ষী অধীক্ষক ৰবীন কুমাৰ সিং, বজালীৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, অতিৰিক্ত উপায়ুক্ত সকল আৰু সকলো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকলো উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা