এইচডিএফচি বেংকে মুকলি কৰিলে ভিডিঅ' কেৱাইচিৰ সুবিধা



ষ্টাফ ৰিপ'ৰ্টাৰ,,,১৮ ছেপ্টেম্বৰ
এইচডিএফচি বেংকে শেহতীয়াকৈ ভিডিঅ' কেৱাইচি( আপোনাৰ গ্ৰাহকক জানক) শীৰ্ষক সুবিধা মুকলি কৰিছে। এই পাইলট প্ৰকল্পৰ সফল সামৰণিৰ পিছত এইচডিএফচি বেংকে সুৰক্ষিত পৰিবেশত একাউণ্ট খোলাৰ সময়ত প্ৰত্যাশী গ্ৰাহকৰ পৰিচয় সাব্যস্ত কৰাৰ বৈকল্পিত পদ্ধতি হিচাপে সন্মতিযুক্ত ভিডিঅ' কেৱাইচিৰ প্ৰৱৰ্তন কৰিছে। প্ৰত্যাশী গ্ৰাহকে এতিয়া নিজৰ ঘৰ অথবা কাৰ্যালয়ত বহিয়েই মাত্ৰ কেইমিনিটমানৰ ভিতৰতে সম্পূৰ্ণ কেৱাইচি প্ৰদান কৰি বেংকটোৰ বিশ্বমানৰ সেৱা আৰু সামগ্ৰীৰ সুবিধা লাভ কৰিব পাৰিব। শাখা বেংকিং, ডিজিটেল বেংকিং আৰু ৰিটেইল এছেটৰ সংবদ্ধ দলে  এজাইল পডৰ দ্বাৰা এই ভিডিঅ' কেৱাইচি সেৱাৰ প্ৰৱৰ্তন কৰিছে। বেংকটোৰ ৰিটেইল শাখা বেংকিঙৰ দলীয় মুৰব্বী অৰবিন্দ বোহৰাই ভিডিঅ' কেৱাইচিৰ সুবিধা মুকলি কৰিবলৈ পাই সুখী অনুভৱ কৰা বুলি জানিব দিয়ে। এই ভিডিঅ' 
কেৱাইচিৰ সুবিধা ছেভিংছ আৰু কৰ্প'ৰেট দৰমহা একাউণ্ট তথা ব্যক্তিগত ঋণৰ বাবে বৰ্তমানে আৱণ্টিত কৰা হৈছে যদিও পিছলৈ ইয়াক পৰ্যায়ক্ৰমে অন্য সেৱালৈও  সম্প্ৰসাৰিত কৰা হ'ব। ভিডিঅ' কেৱাইচিৰ বাবে গ্ৰাহকে বেংক এপ্লিকেচনত আধাৰ অ'টিপি ভিত্তিক ইকেৱাইচিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব; তেওঁলোকে প্ৰকৃত পান কাৰ্ডখন হাততে পোৱাকৈ ৰাখিব লাগিব। তাৰোপৰি গ্ৰাহকে ভাৰতৰ যিকোনো স্থানত ভিডিঅ' কোৱাইচি প্ৰদান কৰাৰ বাবে উপযুক্ত ডাটা সংযোগৰ সৈতে এটা স্মাৰ্টফোন লগত ৰখাটোও আৱশ্যক হ'ব। গ্ৰাহকে বেংকৰ ৱেবচাইট/প্লে'ষ্টোৰত উপলব্ধ ইনষ্টা একাউণ্ট অপেনিং এপৰ জৰিয়তে তেওঁৰ আধাৰ কেৱাইচি সম্পন্ন কৰাৰ পিছত বেংকৰ কৰ্মচাৰীৰ সৈতে সংযোজিত হ'ব আৰু ভিডিঅ'"কেৱাইচি প্ৰদান কৰিব লাগিব। উল্লেখযোগ্য যে, ভিডিঅ' কেৱাইচিত বেংক বিষয়াই গ্ৰাহকৰ তথ্য পৰীক্ষণ কৰে, গ্ৰাহকৰ আলোকচিত্ৰ তথা পান কাৰ্ডৰ আলোকচিত্ৰ গ্ৰহণ কৰে। ভিডিঅ' কেৱাইচিৰ সময়ত হোৱা অডিঅ' বার্তালাপ একাউন্টটো চুড়ান্তভাৱে সক্ৰিয় হোৱাৰ পূৰ্বে পৰীক্ষণ কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা