বিএনআই ব্ৰহ্মপুত্ৰৰ উদ্যোগত মহানগৰীত ৰক্তদান শিবিৰ




ষ্টাফৰিপ'ৰ্টাৰ,,,,১৩ ছেপ্টেম্বৰ
বিএনআই ব্ৰহ্মপুত্ৰ চেণ্টাৰৰ উদ্যোগত দেওবাৰে মহানগৰীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতাল চৌহদত অনুষ্ঠিত কৰা হয় এক ৰক্তদান শিবিৰ। সংস্থাটোৰ সদস্য-সদস্যা সকলে ৪০ ইউনিট তেজ দান কৰে। তিনিগৰাকী মহিলা সদস্যইও ৰক্তদান কৰে। বিএনআই ব্ৰহ্মপুত্ৰ চেণ্টাৰৰ সদস্য অবিনাশ জালান, বিশাল খেমানী আৰু বিবেক চৌধুৰীয়ে ৰক্তদান শিবিৰ পৰিচালনা কৰে। কাৰ্যবাহী সঞ্চালক সিদ্ধাৰ্থ গাৰোদিয়া, ৰোহিত ছাৰাৱাগী ৰাহুল আগৰৱালাই ৰক্তদান শিবিৰ পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত বিশেষ সহযোগিতা কৰে। বিএনআই ব্ৰহ্মপুত্ৰ চেণ্টাৰৰ অধ্যক্ষ নীতিন গাংগোৱাল, কোষাধ্যক্ষ শশী খেমকা, অংকিত আগৰৱাল, নীতিন জৈন উপস্থিত থাকে। কাৰ্যবাহী সঞ্চালক গাৰোদিয়াই এই পদক্ষেপৰ শলাগ লয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা