কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে কৰৰাত আছুৰ বিধেয়কৰ প্ৰতিলিপি দাহ

মুক্তাপুৰৰ পৰা নীলমণি দাস,ফাষ্ট নিউজ ৰিপ'ৰ্ট ২৫ চেপ্তেম্বৰ:*  কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী আৰু জনবিৰোধী নীতিৰে ক্ৰমে
*The Essential Commodities (Amendment) Bill, 2020*,
*The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020* 
আৰু 
"The Farmers' Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020" 
শীৰ্ষক অনিষ্টকাৰী বিধেয়ক জাপি দিব খোজাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শুক্ৰবাৰে কৰৰা শ্বহীদ বেদীৰ সন্মুখত কৰৰা কেন্দ্ৰীয় ছাত্ৰ সন্থাই বিধেয়ক তিনিখনৰ প্ৰতিলিপি দাহ কৰে ৷ কৰৰা কেন্দ্ৰীয় ছাত্ৰ সন্থাই আজি ৰাতিপুৱা শ্বহীদ বেদীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদ কাৰীয়ে কৃষক বিৰোধী আইন ২০২০ বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, স্বৈৰাচাৰী চৰকাৰ হুচিয়াৰ, আছু জিন্দাবাদ, কৰৰা কেন্দ্ৰীয় ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সোণজ্যোতি বৰুৱা, কৰৰা কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি দ্বীপজ্যোতি কলিতা, উপ সভাপতি নিকুমণি বৰুৱা, ধীৰাজ বৰুৱা, ৰিয়াজুল আলী,নিক্লু আলীকে ধৰি  কেইগৰাকীও কৰৰা কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয়বৱীয়া উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা