ৰঙিয়াত দীৰ্ঘদিন বিৰত পিছত প্ৰসূতি অস্ত্ৰোপচাৰ আৰম্ভ

প্ৰতিবেদক, ৰঙিয়া, ১০ ছেপ্টেম্বৰঃ
ৰঙিয়া মহকুমাৰ আগশাৰীৰ চৰকাৰী চিকিৎসালয় ৰঙিয়া অসামৰিক চিকিৎসালয় খনত যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰসূতি অস্ত্ৰোপচাৰ কক্ষটো জৰাজীৰ্ণ অৱস্থাৰ বাবে বন্ধ হৈ আছিল।যাৰ ফলত ৰঙিয়া অঞ্চলৰ গৰীব - দুখীয়া পৰিয়ালৰ মহিলা সকলৰ প্ৰসূতিৰ অস্ত্ৰোপচাৰত নানান আহুকালৰ সন্মুখীন হবলগীয়া হৈছে। উক্ত অস্ত্ৰোপচাৰ কক্ষটো বিভাগীয় ভাৱে পুনৰ নিৰ্মাণ কৰি তোলাৰ পিছত যোৱা ৮ আগষ্টত ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। কোভিড ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হোৱাত বেছি সংখ্যক চিকিৎসকৰে কোভিডৰ চিকিৎসাত নিয়োজিত থকাত প্ৰসূতি অস্ত্ৰোপচাৰ বন্ধ আছিল। কিন্তু ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতা আৰু কামৰূপ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গুনীন্দ্ৰ নাথ দেৱ শৰ্মা নিৰ্দেশ মৰ্মে ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যই জানিবলৈ দিয়ে যে, বৃহত্তৰ অঞ্চলৰ প্ৰসূতি সকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈৰ পৰা কোভিড প্ৰটকল মানি লৈ প্ৰসূতিৰ অস্ত্ৰোপচাৰ আৰম্ভ কৰা হ’ব।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা