মান-সন্মানে শিক্ষাগুৰুৰ পেটৰ ভোক গুচাব নোৱাৰে- আজিৰ শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত শিক্ষকৰ অনুভৱ

মান-সন্মানে শিক্ষাগুৰুৰ পেটৰ ভোক গুচাব নোৱাৰে- আজিৰ শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত শিক্ষকৰ অনুভৱ*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৫ ছেপ্তেম্বৰ*

আজি প্ৰখ্যাত শিক্ষাবিদ, ভাৰত ৰত্ন, ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিন । এই দিনটোত ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰি শিক্ষাগুৰুসকলক ছাত্ৰ-ছাত্ৰীসকলে শ্ৰদ্ধা জ্ঞাপন কৰি আহিছে । অসমতো আজিলৈ ইয়াৰ ব্যাতিক্ৰম হোৱা নাই । অৱশ্যে এইবেলি মহামাৰী ক'ৰোণা ভাইৰাছৰ সংক্ৰমনৰ বাবে প্ৰথমবাৰৰ বাবে শিক্ষকসকলৰ আশীৰ্বাদৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হ'বলগীয়া হৈছে বা শিক্ষাগুৰুসকলক প্ৰত্যক্ষভাৱে শ্ৰদ্ধা নিবেদন কৰিব নোৱাৰিলে । তথাপিও কিন্তু বিভিন্ন মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুসকলক আজিৰ এই পবিত্ৰ দিনটোত আন্তৰিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে বা আশীৰ্বাদ পাবলৈ সক্ষম হৈছে । ইমানখিনিলৈ সকলো ঠিকেই আছিল । চৰকাৰী, বেচৰকাৰী সকলো শিক্ষাগুৰুৱে এই সন্মান, শ্ৰদ্ধা, মৰম ঠিকেই পাই আহিছে, তাক নুই কৰিব নোৱাৰি । ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুসকলৰ মাজত থকা আন্তৰিকতাৰ যি সৎ আৰু মধুৰ সম্পৰ্ক সেয়া ভাৱ বিনিময়ৰ মাজেৰে এতিয়াও জীয়াই আছে । কিন্তু বহুত ক্ষেত্ৰত চৰকাৰে শিক্ষাগুৰুসকলক মাহীআইৰ দৃষ্টিৰে চোৱা যেন পৰিলক্ষিত হয় যাৰ ফলত বেচৰকাৰী শিক্ষা অনুষ্ঠানবোৰৰ শিক্ষাগুৰুসকলৰ অৱস্থা অতি দুখলগা হৈ পৰে । ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদান কৰি শিক্ষাগুৰুসকল নিজেই মমৰ দৰে গলি গলি নিঃশেষ হৈ যায় । এখেতসকলৰ মৰ্মবেদনা বুজিবলৈ চৰকাৰৰ যেন আহৰিয়েই নাই । অসমত কিমান যে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষাগুৰুসকলে চকুপানীৰে বাট নেদেখা হৈ আছে সেয়া একমাত্ৰ ভুক্তভোগী শিক্ষকসকলেহে জানে । আজিৰ এই পবিত্ৰ দিনটোত সেয়াহে বিচাৰ্যৰ বিষয় । কিয়নো মান-সন্মানে কেতিয়াও শিক্ষাগুৰু সকলৰ পেটৰ ভোক গুচাব নোৱাৰে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা