ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ হেণ্ডবল খেলুৱৈ মেধাবী ছাত্ৰৰ কৰুণ মৃত্যুত শোকৰ ছাঁ
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ প্ৰয়াত কামদেৱ বড়ো আৰু আচা বড়োৰ একমাত্ৰ পুত্ৰ মৃদুল স্বৰ্গীয়াৰী যোৱা নিশা ২ বজাত মৃত্যুৰ স'তে যুজ দি অৱশেষত হাৰ মানিবলৈ বাধ্য হ'ল । এবছৰ আগত মৃদুলৰ দেউতাকৰো মৃত্যু হৈছিল । মাকে হোটেল এখনত কাম-কাজ কৰি মৃদুল আৰু ভনীয়েকক কিবাকে দুবেলা দুসাজ খোৱাৰ যোগাৰ কৰি দিছিল । অত্যান্ত নম্ৰ, ভদ্ৰ ল'ৰা হিচাপে পৰিচিত মৃদুলৰ আকস্মিক মৃত্যুত ঘগ্ৰাপাৰ বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰে । মৃদুলে ৰে'ল বিভাগত চাকৰি কৰি মাক আৰু ভনীয়েকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিবলৈ অযুত আশা বুকুত বান্ধি লৈ ফুৰিছিল । কিন্তু তেওঁৰ আশা পূৰণ নহ'ল নিষ্ঠুৰ নিয়তীৰ হাতত যেন সপোনবোৰ ধুলিস্যাৎ হৈ গ'ল । দুবাৰকৈ ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰা মৃদুল ৬ দিন ধৰি গুৱাহাটী মেডিকেল কলেজত ক'ৰোণা ৰোগৰ বাবে চিকিৎসাধীন হৈ আছিল । হঠাৎ কালি স্বাস্থ্যৰ অৱনতি ঘটি হেণ্ডবলৰ বহু প্ৰতিযোগিতাৰ নায়কগৰাকী মহামাৰী ক'ৰোণাৰ ওচৰত পৰাজয়বৰণ কৰিলে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ । ঘগ্ৰাপাৰ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ মৃদুলে বনভাগ কলেজৰ পৰাও সুখ্যাতিৰে উচ্ছ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ এইবেলি নলবাৰী মহাবিদ্যালয়ত স্নাতক প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰিছিল যদিও ক'ভিড-১৯ৰ বন্ধৰ বাবে ক্লাছ কৰিব নোৱাৰিলে । মৃদুলৰ মৃত্যুত স্থানীয় বিধায়ক অশোক শৰ্মা, বড়িগোগ বনভাগ মণ্ডলৰ বি জে পি দলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থা, পূব নলবাৰী ক'চিং চেণ্টাৰৰ লগতে বিভিন্ন দল সংগঠনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।
*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*
Comments
Post a Comment