ৰঙিয়াত সাপ্তাহিক বন্ধ বুধবাৰৰ পৰিৱৰ্তে ৰবিবাৰ সম্ভাৱনা

ৰঙিয়া চেম্বাৰ অফ কমাৰ্ছৰ দাৱীৰ প্ৰতি মহকুমাধিপতিৰ সঁহাৰিঃ সাপ্তাহিক বন্ধ বুধবাৰৰ পৰিৱৰ্তে ৰবিবাৰ সম্ভাৱনা 

প্ৰতিবেদক, ৰঙিয়া , ২৫ ছেপ্টেম্বৰঃ এতিয়াৰে পৰা ৰঙিয়াৰ সাপ্তাহিক বন্ধ বুধবাৰৰ পৰিৱৰ্তে ৰবিবাৰ হোৱাৰ সম্ভাৱনা! অহা ৪ অক্টোবৰৰ পৰা  প্ৰযোজ্য হব পাৰে এই নিয়ম। ৰঙিয়া মহকুমাৰ আগশাৰীৰ ব্যৱসাায়ী সংস্থা ৰঙিয়া চেম্বাৰ অফ কমাৰ্ছৰ দাৱীৰ প্ৰতি সঁহাৰি জনাই ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে পৰীক্ষামূলক ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য চেম্বাৰ অফ কমাৰ্ছৰ বিষয়ববীয়া সকলে ৰঙিয়াৰ নৱ নিযুক্ত মহকুমাধিপতি ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া স্বপ্নীল পালক সাক্ষাৎকাৰ কৰি সম্বৰ্ধনা  জ্ঞাপন  কৰে। সন্থাৰ তৰফৰ পৰা মহকুমাধিপতি গৰাকীক অসমীয়াৰ  স্বাভিমান ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়।ব্যৱসায়ী সন্থাৰ সম্বৰ্ধনাত মহকুমাধিপতি গৰাকীয়ে আপ্লুত হয়।  সম্বৰ্ধনা অনুষ্ঠানত  ৰঙিয়া চেম্বাৰ অফ কমাৰ্চৰ সভাপতি শ্ৰীপাল জৈন, সাধাৰণ সম্পাদক মজিবুদ্দিন আহমেদ আৰু আশিস লুণ্ডিয়া , কোষাধ্যক্ষ ৰাজকুমাৰ লুণ্ডিয়া , কাৰ্যকৰী সদস্য প্ৰদীপ আগৰৱালা, অনুপ জাজোদিয়া, আশিস সুৰেকা আৰু কৈলাশ লুুণ্ডিয়া উপস্থিত থাকে। ৰঙিয়াৰ সকলো ব্যৱসায়ীৰ হৈ চেম্বাৰ অফ কমাৰ্ছৰ বিষয়ববীয়া সকলে মহকুমাধিপতিক সৌজন্যমূলক সাক্ষাৎ কৰাৰ অন্তত ৰঙিয়া চহৰৰ বিভিন্ন অসুবিধা লগতে ব্যৱসায়ী সকলে সততে সম্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত বিতং আলোচনা কৰে। মহকুমাধিপতি পালে ৰঙিয়াৰ বিভিন্ন অসুবিধা- আৰু সমস্যাৰ  বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰাত  ৰঙিয়া চেম্বাৰ অফ কমাৰ্ছৰ তৰফৰ পৰা কেইবাটাও অসুবিধাৰ কথা মহকুমাধিপতি পালক মৌখিকভাৱে জনোৱাত  মহকুমাধিপতি স্বপ্নীল পালে গুৰুত্ব সহকাৰে লৈ অনতি পলমে অসুবিধা সমূহ দূৰ কৰাৰ আশ্বাস দিয়ে। বিশেষকৈ ৰঙিয়াৰ টাউনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, যানজট,  টাউন খনত জনসংযোগ ব্যৱস্থাৰ দ্বাৰা যিকোনো চৰকাৰী নিৰ্দেশনাৰ প্ৰচাৰ, পাৰ্কিংৰ অসুবিধা দূৰীকৰণ আৰু বিশেষকৈ ৰঙিয়াৰ টাউনত পূৰ্বৰ সাপ্তাহিক বন্ধ বুধবাৰৰ পৰিৱৰ্তে বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এতিয়াৰ পৰা ৰবিবাৰে সম্পূৰ্ণ বন্ধ ঘোষণা কৰিবলৈ ব্যৱসায়ী সকলৰ হৈ চেম্বাৰ অফ কমাৰ্ছে স্মাৰকপত্ৰ যোগে অৱগত কৰে । মহকুমাধিপতি পালে সাপ্তাহিক বন্ধ বুধবাৰৰ পৰিৱৰ্তে ৰবিবাৰে হবলগীয়া বন্ধটো সাময়িক ভাৱে  অহা ৪ অক্টোবৰৰ পৰা কাৰ্য্যকৰীকৰণৰ কথা চিন্তা কৰা বুলি জানিবলৈ দিয়ে। সকলো পক্ষৰ সুবিধা অসুবিধাৰ দিশটো পৰ্যালোচনা কৰি সাপ্তাহিক বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি মহকুমাধিপতি পালে আশ্বাস প্ৰদান কৰে। ৰঙিয়াৰ সামগ্ৰিক উন্নয়নৰ হকে যিকোনো অসুবিধাৰ সময়ত মহকুমাধিপতি পালক অৱগত কৰোৱাৰ বাবে তেওঁ আহ্বান  জনায় । আনহাতে কালি ধুহি উন্নয়ন মঞ্চৰ তৰফৰ পৰা প্ৰচাৰ বিভাগৰ তত্বাৱধায়ক মোছাব্বিৰ হুছেইনে নৱ নিযুক্ত মহকুমাধিপতি স্বপ্নীল পালক সম্বৰ্ধনা জনায়।সম্বৰ্ধনা কালত মহকুমাধিপতি পালে ধুহি অঞ্চলৰ বুজ লোৱাৰ উদ্দেশ্যে অঞ্চলটো পৰিদৰ্শনৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা