বটদ্ৰৱা থানত উন্নত প্ৰযুক্তিৰ পানী ফিল্টাৰ সেৱাৰ মুকলি

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ ছেপ্টেম্বৰঃ জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্রৱা থানৰ ভকত-বৈষ্ণৱ আৰু থানখনলৈ দুৰ-দূৰণিৰ পৰা অহা তীৰ্থযাত্ৰী সকলৰ সুবিধাৰ বাবে গুৱাহাটী নিবাসী বিশিষ্ট সমাজকৰ্মী দুলাল বৰা আৰু তেখেতৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা এটি উন্নত প্ৰযুক্তিৰ পানী ফিল্টাৰ(একুৱাগাৰ্ড) দানসূত্ৰে আগবঢ়াইছে ৷ শনিবাৰে আনুষ্ঠানিকভাবে ইয়াৰ শুভাৰম্ভ কৰা হয় ৷ এই মৰ্মে, থানৰ কীৰ্তনঘৰৰ দুপৰীয়া প্ৰসংগৰ অন্তত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত থানৰ নামলগোৱা, পালি দেউৰী, গায়ন বায়ন তথা কেৱলীয়া ভকত সকলৰ উপস্থিতিত থানৰ বৰনামলগোৱা যোগেশ বৰনামলগোৱাই এই উন্নত প্ৰযুক্তিৰ পানী ফিল্টাৰটিৰ পৰা এগিলাছ নিৰ্মল বিশুদ্ধ পানী নিজ হাতে পান কৰি শুভাৰম্ভ কৰাৰ পিছতে উপস্থিত সকলো ভকত-বৈষ্ণৱক এগিলাছ কৈ পানী পান কৰিবলৈ দিয়া হয়। বটদ্রৱা থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক যোগেন শইকীয়াই আঁত ধৰা এই অনুষ্ঠানটিত বটদ্ৰৱা শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ ইন্দ্ৰ কান্ত মহন্তই সমাজকৰ্মী দুলাল বৰা আৰু তেখেতৰ সহধৰ্মিণী বৰ্নালী দত্ত বৰাক ধৰ্ম বস্ত্ৰৰে আদৰণি জনায় ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা